December 29, 2025 11:32 AM

views 20

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত ম’বাইল ইণ্টাৰনেট সেৱা পুনৰ বাহাল

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত আইন-শৃংখলা পৰিস্থিতি কিছু উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুখনত কালিৰেপৰা ম'বাইল ইণ্টাৰনেট সেৱা পুনৰ বাহাল কৰা হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি পাৰ্বত্য জিলা দুখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে ক্ষতিগ্রস্ত অঞ্চলসমূহত অতিৰিক্ত সুৰক্ষা বাহিনী নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে বিগত সপ্তাহত পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন অংশত হোৱা হিংসাত্মক ঘটনাত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৭০ জনতকৈ অধিক লোক আহত হয়। আহতসকলৰ অধিকাংশই সুৰক্ষা বাহিনীৰ লোক ...

December 26, 2025 6:10 PM

views 21

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত সৃষ্টি হোৱা অপ্রীতিকৰ পৰিস্থিতি সন্দৰ্ভত অসম সাহিত্য সভাৰ উদ্বেগ প্রকাশ

অসম সাহিত্য সভাই পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত সৃষ্টি হোৱা অপ্রীতিকৰ পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্রকাশ কৰিছে। অসম সাহিত্য সভাৰ গুৱাহাটীত থকা ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে কয়, যে এই সংঘৰ্ষই ৰাজ্যৰ সামাজিক সম্প্ৰীতি আৰু ভাতত্ববোধত আঘাত হানিছে। সাহিত্য সভা খেৰণিৰ ঘটনাত ক্ষতিগ্ৰস্ত হোৱা কাৰ্বি সমাজৰ সৈতে থাকিব বুলি প্ৰকাশ কৰি শ্রীগোস্বামীয়ে কয় যে দুই এদিনৰ ভিতৰতে নিজাববীয়াকৈ পৰিস্থিতিৰ বুজ ল'বলৈ অসম সাহিত্য সভাৰ এটা প্ৰতিনিধি দল কাৰ্বি আংলংলৈ ...

December 25, 2025 11:59 AM

views 18

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পৰিস্থিতি নিয়ন্ত্ৰণ

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পৰিস্থিতি কালিৰে পৰা নিয়ন্ত্ৰণত আছে। কাইলৈ প্ৰতিবাদকাৰী, কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু ৰাজ্য চৰকাৰৰ মাজত ত্রিপাক্ষিক আলোচনা হোৱাৰ কথা আছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে খেৰণি ফেংলাপিত আমৰণ অনশন কৰি থকা কাৰ্বি সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰাৰ পাছত প্ৰতিবাদকাৰীসকলে অনশন কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আৰু ত্ৰিপাক্ষিক আলোচনাৰ বাবে সন্মতি প্ৰকাশ কৰে। কাৰ্বি আংলঙৰ হিংসাত্মক ঘটনাত প্রাণহানি হোৱা লোক দুজনৰ পৰিয়াললৈ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুল...

December 23, 2025 12:16 AM

views 41

পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত সংঘটিত হিংসাত্মক ঘটনা নিশাৰ ভাগলৈও অব্যাহত

পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত আজি সংঘটিত হিংসাত্মক ঘটনা নিশাৰ ভাগলৈও অব্যাহত আছে। প্ৰতিবাদকাৰীসকলে বিভিন্ন স্থানত দোকান-পোহাৰ জ্বলাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি আজি নিশাৰ ভিতৰতে বিষয়টো সমাধানৰ চেষ্টা কৰা হ'ব। পৰিস্থিতি নিৰীক্ষণৰ বাবে ঘটনাস্থলীলৈ মন্ত্ৰী ডাঃ ৰণোজ পেগু ৰাওনা হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এটা উৰা বাতৰিক কেন্দ্ৰ কৰি স্থানীয় লোকসকল উত্তেজিত হৈ পৰিছিল ৷ উল্লেখযোগ্য যে পি জি ...

August 11, 2025 12:28 PM

views 28

পশ্চিম কাৰ্বি আংলঙৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ তিৰংগা যাত্ৰা কাৰ্যসূচী

● পার্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১২৮ নম্বৰ বেটেলিয়নৰ ডেল্টা কোম্পানী আৰু লাংপি শিশু বিদ্যা নিকেতনৰ সহযোগত তিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পাৰ্বত্য জিলাখনৰ লেঙেৰীত অনুষ্ঠিত এই হৰ ঘৰ তিৰংগা কাৰ্যসূচীত তিৰংগা যাত্ৰাৰ উপৰি প্ৰতিটো ঘৰতে জাতীয় পতাকা উৰুৱাই স্বাধীনতাৰ গৌৰৱ অনুভৱ কৰিবৰ বাবে ১২৮ নম্বৰ বেটেলিয়নৰ সহকাৰী সেনাধ্যক্ষ এল শ্বেৰত’ৱে আহ্বান জনাইছে।