June 17, 2024 9:06 PM

views 18

পশ্চিমবংগত ৰে’ল দুৰ্ঘটনাত ৰাজ্যৰ কোনো লোক হতাহতৰ তথ্য লাভ কৰা নাই বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

পশ্চিমবংগৰ নিউ জলপাইগুৰিত সংঘটিত ৰে'ল দুৰ্ঘটনাত অসমৰ কোনো লোক হতাহতৰ তথ্য এই পৰ্যন্ত লাভ কৰা নাই বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ত্ৰিপুৰাৰ পৰা অসমৰ মাজেৰে যোৱাৰ বাবে ৰেলখনত অসমৰ যাত্ৰী থাকিব পাৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। তেওঁ কৈছে যে এই দুর্ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে কথা পতাৰ লগতে ৰাজ্যৰ মুখ্যসচিবগৰাকীয়ে ৰেল বিভাগৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। ৰাজ্যৰ কোনো লোক দুৰ্ঘটনাটোত আহত হ'লে শীঘ্ৰে চিকিৎ‍সাৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাক...