July 22, 2025 1:04 PM
8
ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা ৮জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ পশ্চিমবংগ আৰক্ষীৰ
অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা ৮ জন বাংলাদেশী নাগৰিকক কালি পশ্চিমবংগ আৰক্ষীয়ে মুর্শিদাবাদ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰে। লগতে, এই বাংলাদেশী নাগৰিককেইজনক দেশত প্ৰৱেশৰ সুবিধা প্ৰদান কৰাৰ অভিযোগত আন তিনিজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰা হয়। লালবাগৰ অতিৰিক্ত অধীক্ষক ৰাছপ্ৰীত সিঙে প্ৰকাশ কৰা অনুসৰি, দুটা ভিন্ন স্থানৰ পৰা লোককেইজনক গ্রেপ্তাৰ কৰা হৈছে। ধৃত বাংলাদেশীকেইজন জামাত-উল-মুজাহিদীন বাংলাদেশ, হিজব-উত-তাহৰিৰ আৰু আনছাৰুল্লাহ বাংলা টীমৰ দৰে বাংলাদেশী মৌলবাদী গোটৰ ঘাটি হিচাপে পৰিচিত বাংলাদেশৰ চাপাই নবাবগঞ্জ আৰু ৰাজ...