October 10, 2025 3:23 PM

views 28

পশ্চিম বংগৰ পৌৰ নিযুক্তি কেলেংকাৰি সন্দৰ্ভত মন্ত্ৰী সুজিত বোসৰ মালিকানাধীন ১১টা স্থানত ইডিৰ তালাচী

■ বিধি বলবৎকাৰী সঞ্চালকালয় ই ডিয়ে পশ্চিম বংগৰ পৌৰ নিযুক্তি কেলেংকাৰি সন্দৰ্ভত ৰাজ্যখনৰ এগৰাকী মন্ত্ৰী সুজিত বোসৰ মালিকানাধীন গৃহকে ধৰি মুঠ ১১টা স্থানত তালাচী অভিযান চলাইছে। কেন্দ্রীয় অনুসন্ধানকাৰী ব্যুৰো চি বি আইৰ এখন এজাহাৰৰ ভিত্তিত ই ডিয়ে এই অভিযান চলায়। উল্লেখযোগ্য যে কেৱল বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰতেই নহয়, বৰঞ্চ পশ্চিম বংগৰ পৌৰ নিগমসমূহৰ কেইবাটাও পদত নিযুক্তিক কেন্দ্ৰ কৰি এই কেলেংকাৰি সংঘটিত হৈছিল বুলি উল্লেখ কৰি সঞ্চালকালয়ে দাখিল কৰা এজাহাৰত প্ৰকাশ পোৱাৰ পৰিপ্ৰেক্ষিতত কলকাত...

October 7, 2025 11:49 AM

views 63

পশ্চিমবংগত বান আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত লোকক সহায় কৰা বিজেপিৰ কৰ্মী, সাংসদ আৰু বিধায়ক আক্ৰমণৰ বলি হৈছেঃ প্ৰধানমন্ত্ৰী

■ পশ্চিমবংগত হোৱা বান আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে কাম কৰি থকা বিজেপিৰ কৰ্মীসকলৰ লগতে কেইবাজনো সাংসদ আৰু বিধায়ক আক্ৰমণৰ বলি হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযোগ কৰিছে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত শ্রীমোদীয়ে তৃণমূল কংগ্ৰেছৰ নেতা কৰ্মীসকলৰ এই গৰিহনাযোগ্য কাৰ্য আৰু ৰাজ্যখনৰ পুতৌজনক আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত আলোকপাত কৰে। প্ৰধানমন্ত্রী শ্রীমোদীয়ে কয়, যে পশ্চিমবংগৰ চৰকাৰ আৰু তৃণমূল কংগ্ৰেছে এই প্ৰত্যাহ্বানমূলক পৰিস্থিতিত মানুহক সহায় কৰাৰ বিপৰীতে হিংসাত্মক কা...

June 2, 2025 9:52 AM

views 48

২০২৬ চনত ভাৰতীয় জনতা পাৰ্টিয়ে পশ্চিমবংগত পৰৱৰ্তী চৰকাৰ গঠন কৰিব: গৃহমন্ত্ৰী

গৃহমন্ত্রী অমিত শ্বাহে পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰক তীব্র সমালোচনা কৰি কয়, যে ২০২৬ চনত ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যখনত পৰৱৰ্তী চৰকাৰ গঠন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি কলকাতাৰ নেতাজী ইনড'ৰ ষ্টেডিয়ামত আয়োজিত এখন জনসভাত ভাষণ দি এইদৰে কয়। ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটা বুলি উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে নিৰ্বাচনৰ পৰৱৰ্তী সময়ছোৱাত ৰাজ্যখনত হিংসাত্মক পৰিস্থিতি অধিক বৃদ্ধি হৈছে। সীমান্তৰ সিপাৰৰ অনুপ্ৰৱেশ এতিয়া পশ্চিমবংগৰ অন্যতম গুৰুতৰ সমস্যা। ৰাজ্যখনত ...

October 26, 2024 9:21 PM

views 31

দেওবাৰে গৃহমন্ত্রী অমিত শ্বাহে পশ্চিমবংগৰ পেট্‌’প’ল স্থল বন্দৰত যাত্ৰীসকলৰ বাবে টার্মিনেল বিল্ডিং আৰু মৈত্ৰী দ্বাৰ উদ্বোধন কৰিব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ পশ্চিমবংগৰ পেট্‌’প’ল স্থল বন্দৰত যাত্ৰীসকলৰ বাবে টার্মিনেল বিল্ডিং আৰু মৈত্ৰী দ্বাৰ উদ্বোধন কৰিব। গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ দক্ষিণ এছিয়াৰ স্থল বন্দৰ কৰ্তৃপক্ষক সকলো দেশৰ সৈতে সাংস্কৃতিক আৰু বাণিজ্যিক সম্পৰ্ক আগুৱাই নিয়াৰ ক্ষেত্ৰত নতুন গতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে পেট্র’প’ল বন্দৰটো হৈছে দক্ষিণ এছিয়াৰ আটাইতকৈ বৃহৎ স্থল বন্দৰ। ই ভাৰত আৰু বাংলাদেশৰ মাজৰ বেপাৰ বাণিজ্যৰ মুখ্য প্ৰৱেশদ্বাৰ হিচাপে পৰিগণিত হৈছে। ভা...

October 12, 2024 4:31 PM

views 28

পশ্চিমবংগতো শাৰদীয় দুর্গোৎসৱৰ সামৰণি

আজি বিজয়া দশমী। পশ্চিমবংগতো আজি শাৰদীয় দুর্গোৎসৱৰ সামৰণি পৰে। সেন্দূৰ খেলা আৰু ধুনুচি নাচৰ পিছত দুৰ্গাৰ মূৰ্তিসমূহ নদীত বিসৰ্জন দিয়া হয়। আমাৰ কলাকাতাৰ সংবাদাতাই জনোৱা মতে অহা মঙলবাৰে কলকাতা দুৰ্গা পূজা কার্নিভালৰ আয়োজন কৰা হৈছে। য'ত আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ উপস্থিতিত কিছুমান শ্ৰেষ্ঠ পূজা মণ্ডপৰ মূৰ্তি প্ৰদৰ্শন কৰা হ'ব।

August 8, 2024 12:12 PM

views 31

আলুৰ দাম বৃদ্ধিৰ প্ৰসংগত ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে কেন্দ্ৰ তথা পশ্চিমবংগ চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত

অসমত হোৱা আলুৰ দাম বৃদ্ধিৰ প্ৰসংগত ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে কেন্দ্ৰ তথা পশ্চিমবংগ চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। কালি বিভাগীয় মন্ত্ৰী ৰণজিত কুমাৰ দাসে এই কথা জানিবলৈ দিয়ে। পশ্চিমবংগৰ আলুসমূহ অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবে আলুৰ দাম বৃদ্ধি হোৱা সন্দৰ্ভত দেখা দিয়া সমস্যাৰ ওৰ পেলাবলৈ কালি মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত এখন সভাও অনুষ্ঠিত হয়। সভাত সংশ্লিষ্ট বিভাগীয় বিষয়াসকলৰ লগতে কামৰূপ চেম্বাৰ অৱ কমাৰ্চৰ বিষয়ববীয়া তথা আলু আৰু পিঁয়াজ ব্যৱসায়ী সংস্থা, কামৰূপ মহা...

May 28, 2024 4:33 PM

views 23

পশ্চিমবংগত ৰেমল ঘূৰ্ণী বতাহজনিত ঘটনাত ৬ জন লোকৰ মৃত্যু

পশ্চিমবংগত ৰেমল ঘূৰ্ণী বতাহজনিত ঘটনাত ৬ জন লোকে প্ৰাণ হেৰুৱাইছে। উত্তৰ আৰু দক্ষিণ ছবিব্বশ পৰগনা জিলা, কলকাতা আৰু কাষৰীয়া অঞ্চলসমূহত বৰষুণ আৰু ধুমুহা বন্ধ হৈছে যদিও দক্ষিণ আৰু উত্তৰ ছবিব্বশ পৰগনা জিলাৰ উপকূলীয় এলেকাৰ অধিকাংশ পানীৰ তলত বুৰ গৈ আছে। পৰিস্থিতি উন্নত হোৱালৈ চাই জনসাধাৰণে চৰকাৰী আশ্ৰয় স্থলীৰ পৰা নিজ ঘৰলৈ উভতিবলৈ লৈছে। অৱশ্যে উত্তৰ বংগৰ একাংশ জিলাত আজি পুনৰ বৰষুণ হৈছে।