August 29, 2025 1:52 PM

views 37

কমনৱেল্থ ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ খেলুৱৈৰ দৰ্শনীয় প্রদর্শন অব্যাহত

■ আহমেদাবাদৰ বীৰ ছাভাৰকাৰ ক্ৰীড়া প্ৰকল্পত চলি থকা কমনৱেল্থ ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ খেলুৱৈৰ দৰ্শনীয় প্রদর্শন অব্যাহত আছে। অসমৰ হৈ কালি বেদৱত ভঁৰালীয়ে প্ৰতিযোগিতাত তিনিটাকৈ নতুন অভিলেখ স্থাপন কৰি ল'ৰাৰ জুনিয়ৰৰ ৭৯ কিলোগ্রাম ওজন শাখাত স্বৰ্ণপদক হস্তগত কৰে। বেদব্ৰতে চে শিতানত ১৪৫ কিলোগ্ৰাম আৰু ক্লীন এণ্ড জার্ক শিতানত ১৮১ কিলোগ্ৰাম উত্তোলন কৰে। খেলুৱৈগৰাকীয়ে সামগ্ৰিকভাৱে ৩২৬ কিলোগ্রাম উত্তোলন কৰি তিনিওটা শিতানত অভিলেখ ৰচিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত ভাৰতীয় দলক প্রতিনিধিত্ব ...

December 6, 2024 11:02 AM

views 30

বাহৰেইনত আজিৰেপৰা চলিত বৰ্ষৰ বিশ্ব ভাৰোত্তলন প্ৰতিযোগিতা আৰম্ভ

বাহৰেইনত আজিৰেপৰা চলিত বৰ্ষৰ বিশ্ব ভাৰোত্তলন প্ৰতিযোগিতা আৰম্ভ হ'ব। ৩ গৰাকী মহিলা ভাৰতীয় ভাৰোত্তলকে এই প্ৰতিযোগিতাত ভাগ ল'ব। অৱশ্যে পুৰুষ শাখাত এই বছৰ কোনো ভাৰতীয় খেলুৱৈয়ে অংশগ্ৰহণ কৰা নাই। অলিম্পিকৰ পদক বিজেতা মীৰাবাই চানু এই প্ৰতিযোগিতাত ভাগ লোৱা নাই। চানুৰ অনুপস্থিতিত জ্ঞানেশ্বৰী য়াদৱে মহিলাৰ ৪৯ কিলোগ্রাম শাখাত ভাৰতক প্রতিনিধিত্ব কৰিব। প্ৰতিযোগিতাৰ এই শাখাৰ গ্ৰুপ-এত স্থান লাভ কৰা জ্ঞানেশ্বৰী হৈছে একমাত্ৰ ভাৰতীয় ভাৰোত্তলক। কমনৱেলথ পদক বিজয়ী বিন্দিয়াৰাণী দেৱীয়ে মহিলাৰ ৫৫ কিলোগ্রাম শাখাৰ...

November 1, 2024 7:51 PM

views 31

অসম ভাৰোত্তোলন সন্থাৰ নতুন প্রতিভা চিনাক্ত কৰাৰ বাবে অভিলাষী আঁচনি গ্ৰহণ

অসম ভাৰোত্তোলন সন্থাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নতুন প্রতিভা চিনাক্ত কৰাৰ বাবে অভিলাষী আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে শিৱসাগৰ জিলাৰ ভাৰোত্তোলন সন্থাৰ সহযোগত অহা ১৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰত নামতিত নতুন প্রতিভা বাছনি শিবিৰ অনুষ্ঠিত হ'ব। উত্তৰ প্ৰদেশৰ শ্ৰীৰাম স্পোর্টছ একাডেমীয়ে সহযোগিতা কৰিবলগীয়া এই শিবিৰত টকিঅ' অলিম্পিকত ৰূপৰ পদক জয়ী মীৰাবাঈ চানু উপস্থিত থাকিব। শিবিৰলৈ ৮ বছৰৰ পৰা ১৩ বছৰ বয়সৰ ল'ৰা-ছোৱালীক প্ৰেৰণ কৰিবলৈ সকলো জিলা সন্থাকে ৰাজ্যিক সন্থাৰ সভাপতি ভৱজ্যোতি গোস্বামীয়ে আহ্বান জ...

October 10, 2024 5:48 PM

views 37

আই ডব্লিউ এল এফ জুনিয়ৰ, যুৱ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলনত অসমৰ পুনৰ সোণৰ পদক অৰ্জন

হিমাচল প্ৰদেশত চলি থকা আই ডব্লিউ এল এফ জুনিয়ৰ, যুৱ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপত অসমে আজি পুনৰ সোণৰ পদক অৰ্জন কৰিছে। অসমৰ বেদৱত ভৰালী আৰু হিমন্ত দৈমাৰীয়ে ৭৩ কিলোগ্রাম ওজন শাখাৰ ক্ৰমে জুনিয়ৰ আৰু যুৱ শাখাত সোণৰ পদক লাভ কৰে। অহা ১৩ অক্টোবৰত সামৰণি পৰিবলগীয়া প্ৰতিযোগিতাখনত অসমে এইপর্যন্ত ৩টা সোণ, ২টা ৰূপ আৰু সমসংখ্যক ব্ৰঞ্জসহ মুঠ ৭টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। আন্তর্জাতিক ভাৰোত্তোলক সিদ্ধান্ত গগৈয়ে কালি ৰাজ্যখনৰ হৈ প্ৰথমটো সোণৰ পদক জয় কৰিছে।

October 9, 2024 7:15 PM

views 49

ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ সিদ্ধান্ত গগৈৰ সোণ, অভিনৱ গগৈৰ ৰূপ আৰু ইছাংফা গগৈৰ ব্ৰঞ্জৰ পদক অৰ্জন

হিমাচল প্ৰদেশত অনুষ্ঠিত ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ সিদ্ধান্ত গগৈয়ে সোণৰ পদকৰ লগতে অভিনৱ গগৈয়ে ৰূপ আৰু ইছাংফা গগৈয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ছিনিয়ৰ পুৰুষৰ ৬৭ কিলোগ্রাম ওজন শাখাত সিদ্ধান্তই সোণৰ পদক জয় কৰে। আনহাতে যুৱ ল'ৰাৰ ৬৭ কিলোগ্রাম ওজন শাখাত অভিনৱে ৰূপ আৰু ছোৱালীৰ ৫৫ কিলোগ্রাম ওজন শাখাত ইছাংফাই ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়।

April 3, 2024 1:13 PM

views 60

IWF বিশ্বকাপ ভাৰোত্তোলন প্রতিযোগিতাত বিন্দিয়া ৰাণী দেৱীৰ ব্ৰঞ্জৰ পদক

♦ ভাৰতত বিন্দিয়া ৰাণী দেৱীয়ে কালি থাইলেণ্ডৰ ফুকেটত অনুষ্ঠিত IWF বিশ্বকাপ ভাৰোত্তোলন প্রতিযোগিতাৰ মহিলাৰ ৫৯ কিলোগ্রাম ওজন শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। কমনৱেলথ গেমছত ৰূপ পদক বিজেতা বিন্দিয়া ৰাণীয়ে মুঠ ১৯৬ কিলোগ্রাম ভাৰ উত্তোলন কৰি তৃতীয় স্থান দখল কৰে। উত্তৰ কোৰিয়াৰ কাং হ্যোন গ্যোঙে সোণৰ আৰু ৰোমানিয়াৰ কেম্বেই মিহেলা- ৱেলেণ্টিনাই ৰূপৰ পদক অৰ্জন কৰে। মণিপুৰৰ ২৫ বছৰীয়া খেলুৱৈগৰাকীয়ে ক্লিন এণ্ড জার্ক শিতানত সৰ্বাধিক ১১৩ কিলোগ্রাম ভাৰ উত্তোলন কৰে। ইয়াৰ পূৰ্বে আঘাতৰ বাবে ৬ মাহ ধৰি খেলপথাৰৰ পৰা ...