April 2, 2024 7:09 PM April 2, 2024 7:09 PM

views 65

আগন্তুক ৭দিনত পশ্চিম হিমালয় অঞ্চলৰ ঠাইবিশেষে পাতলীয়া বৰষুণ আৰু তুষাৰপাতৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

♦ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী সাত দিনত পশ্চিম হিমালয় অঞ্চলৰ ঠাইবিশেষে পাতলীয়া বৰষুণ আৰু তুষাৰপাত হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে লগতে ৫ এপ্রিল পৰ্য্যন্ত উত্তৰ-পশ্চিম ভাৰতৰ সমভূমি অঞ্চলৰ কেতবোৰ ঠাইত মজলীয়া বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। জম্মু-কাশ্মীৰ, লাডাখ, গিলগিট, বাল্টিস্তান, মুজফ্‌ফ্ফৰাবাদ আৰু হিমাচল প্ৰদেশত অহা তিনি দিন পর্য্যন্ত বিজুলী ঢেৰেকণিৰে ধুমুহা-বৰষুণ হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে সম্ভাৱনা প্ৰকাশ কৰিছে। বিভাগটোৱে লগতে অসম আৰু উত্তৰ-পূব বিহাৰত পৃথিৱী প...

April 1, 2024 8:37 PM April 1, 2024 8:37 PM

views 23

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ উত্তৰ পূব ভাৰতত অহা বৃহস্পতিবাৰলৈকে ধুমুহা-বৰষুণ অব্যাহত থকাৰ আগজাননী

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূব ভাৰতত অহা বৃহস্পতিবাৰলৈকে ধুমুহা-বৰষুণ অব্যাহত থাকিব বুলি আগজাননী দিছে। অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা দুই তিনিদিনলৈকে ধুমুহা-বৰষুণৰ লগতে শিলাবৃষ্টিও হ'ব বুলি বিভাগে প্ৰকাশ কৰিছে। হিমালয়ৰ পশ্চিমাঞ্চলত হোৱা বতৰৰ পৰিৱৰ্তনৰ ফলত অহা ৫ এপ্ৰিললৈকে উত্তৰ পূব ভাৰতৰ বতৰ শোচনীয় হৈ থাকিব বুলি বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে। বিভাগৰ মতে, জম্মু-কাশ্মীৰ, লাডাখ, মুজ্জাফৰবাদ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত বতৰৰ এনে অৱস্থা ৬ এপ্ৰিল...