May 1, 2024 1:02 PM

views 27

গ্রীষ্ম প্ৰৱাহৰ কবলত সমগ্ৰ দেশ

সমগ্র দেশ গ্রীষ্ম প্ৰৱাহত দহিছে বুলি এটা বিবৃতিৰ জৰিয়তে দেশৰ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। গ্রীষ্ম প্ৰৱাহ চলি থকাৰ সময়তে অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, আৰু ত্ৰিপুৰাত পৰৱৰ্তী ৪ দিনত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ আৰু তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে। ইপিনে, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই পশ্চিমবংগ, বিহাৰ, ওড়িশা আৰু ঝাৰখণ্ডত প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ অব্যাহত থাকিব পাৰে বুলি বিশেষ সতর্কতা জাৰি কৰিছে। তেলেংগানা, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, কেৰাল...

April 28, 2024 8:04 PM

views 24

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত বুধবাৰৰ পৰা প্ৰৱল বৰষুণৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অনাগত ৪ টা দিনত পশ্চিমবংগ, ওড়িশা, বিহাৰ আৰু ঝাৰখণ্ডৰ বিভিন্ন অঞ্চলত গ্রীষ্ম প্রবাহ অব্যাহত থাকিব বুলি আগলি বতৰা দিছে। ইয়াৰ উপৰি কৰ্ণাটকৰ মধ্যভাগ, তামিলনাড়ু, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, কেৰালা আৰু উত্তৰ প্ৰদেশৰ পূব প্ৰান্তত গ্রীষ্ম প্রবাহ অব্যাহত থাকিব বুলি অৱগত কৰিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে, অনাগত দুদিনত পূৱ ভাৰতত তাপমাত্রা প্রায় একৰ পৰা ২ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি পাব আৰু ইয়াৰ পাছত ইয়াৰ কোনো বিশেষ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই । আনহাতে, অসম, অৰুণাচল প্ৰদেশ, মেঘালয়...

April 28, 2024 6:43 PM

views 32

উজনি অসমৰ বিভিন্ন ঠাইত প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষয়-ক্ষতি

উজনি অসমৰ বিভিন্ন ঠাইত যোৱা নিশা আৰু আজি পুৱাৰ ভাগত অহা প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষয়-ক্ষতি কৰে। শিৱসাগৰৰ মগৰাঘাটত আজি পুৱাতে অহা ধুমুহাৰ ফলত ডেৰ শতাধিক পৰিয়ালৰ বাসগৃহৰ ক্ষয়-ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। জিলাখনৰ মগৰাঘাট, গায়নগাঁও, দোলাকাষৰীয়া, চাংমাইকে ধৰি ১০ খন গাঁৱত ধুমুহাৰ ফলত ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। ধুমুহাত গছ উভালি পৰি বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি যোৱাৰ ফলত ঠায়ে ঠায়ে বিদ্যুৎ যোগান ব্যাহত হোৱাৰ উপৰি কোনো কোনো ঠাইত পথ যোগাযোগো সাময়িকভাৱে ব্যাহত হয়। ইপিনে, নগাঁও জিলাৰ কলিয়াবৰত শ...

April 23, 2024 11:51 AM

views 29

অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত প্রবল বৰষুণৰ আশংকা বতৰ বিজ্ঞান বিভাগৰ

অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত বতৰ বিজ্ঞান বিভাগে প্রবল বৰষুণৰ আশংকা প্ৰকাশ কৰিছে। কাইলৈৰ ভিতৰত অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, মণিপুৰ, পশ্চিমবংগ, ছিকিম, ওড়িশা, ঝাৰখণ্ড, জম্মু-কাশ্মীৰ, হিমাচল প্রদেশ, উত্তৰাখণ্ড, ৰাজস্থান, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, ছত্তিশগড়, তামিলনাডু, কেৰালা, কর্ণাটক, তেলেংগানাত প্ৰবল বৰষুণ হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে। ইপিনে, বিভাগটোৱে দেশৰ ৪ খন ৰাজ্যত প্ৰৱল গ্রীষ্ম প্রবাহৰ আশংকাও প্ৰকাশ কৰিছে। বিহাৰ, উত্তৰ প্রদেশ, ওড়িশা আৰু পশ্চিমবংগত গ...

April 7, 2024 1:09 PM

views 43

উত্তৰ-পূৰ্বাঞ্চলত ৬ দিন ধৰি বৰষুণৰ লগতে প্রতিঘণ্টাত ৫০ কিলোমিটাৰ বেগত বতাহ বলাৰ সম্ভাৱনা  ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলত অহা ৬ দিন ধৰি বৰষুণৰ লগতে প্রতিঘণ্টাত ৫০ কিলোমিটাৰ বেগেৰে বতাহ বলাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। বিভাগটোৱে লগতে মহাৰাষ্ট্ৰ, মধ্যপ্রদেশ, চট্টিশগড়, পশ্চিমবংগ আৰু ওড়িশাৰ বিভিন্ন অংশত আজি বতৰ অতি বেয়া হ'ব পাৰে বুলি সতর্কবাণী জাৰি কৰিছে। ইয়াৰ লগতে বিভাগটোৱে দেশৰ বিভিন্ন অংশত বিজুলী-ঢেৰেকনিৰে মজলীয়া ধৰণৰ বৃষ্টিপাত হ'ব পাৰে আৰু ঝাৰখণ্ড, পশ্চিমবংগ, ওড়িশা, বিহাৰত কাইলৈপৰ্যন্ত বতৰ বেয়া হৈ থাকিব বুলি প্ৰকাশ কৰিছে। ইপিনে বিভাগটোৱে দেশৰ পূব আৰু উপদ্বীপীয...

April 6, 2024 12:58 PM

views 18

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত মঙলবাৰপৰ্যন্ত ধুমুহা-বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰপৰ্যন্ত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, ছিকিম আৰু পশ্চিমবংগত পৰৱৰ্তী ৭ দিনত বিজুলী-ঢেৰেকেনিৰে মজলীয়া বৰষুণ হ'ব পাৰে আৰু প্রতি ঘণ্টাত ৫০ কিলোমিটাৰপৰ্যন্ত বেগেৰে বতাহ বলিব পাৰে। ঝাৰখণ্ড আৰু ওড়িশাত আজি একেধৰণৰ বতৰ হ'ব পাৰে বুলি বিভাগে প্ৰকাশ কৰিছে।

April 6, 2024 12:26 PM

views 43

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত লোকনির্ণয়-২০২৪ শীৰ্ষক অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত লোকনির্ণয়- ২০২৪ শীৰ্ষক অনুষ্ঠান প্ৰচাৰ হ'ব। এই অনুষ্ঠানত সাংবাদিক সুস্মিতা গোস্বামী আৰু মমতা মিশ্র সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই।

April 5, 2024 8:42 PM

views 78

মঙলবাৰ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ হোৱাৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

♦ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, ছিকিম আৰু পশ্চিমবংগত পৰৱৰ্তী ৭ দিনত বিজুলী-ঢেৰেকণিৰে মজলীয়া বৰষুণ হ'ব পাৰে আৰু প্ৰতি ঘণ্টাত ৫০ কিলোমিটাৰ পৰ্যন্ত বেগেৰে বতাহ বলিব পাৰে। ঝাৰখণ্ড আৰু ওড়িশাত কাইলৈ একেধৰণৰ বতৰ হ'ব পাৰে বুলি বিভাগে প্ৰকাশ কৰিছে। 

April 4, 2024 1:13 PM

views 96

উত্তৰ-পূৰ্বাঞ্চলত দেওবাৰলৈকে ধুমুহা, বৰষুণ হোৱাৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

♦ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলত দেওবাৰলৈকে ধুমুহা, বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। এই সময়ছোৱাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে, অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাত হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে। পৰৱৰ্তী ৫ দিনত দেশৰ পূব আৰু উপদ্বীপ অঞ্চলসমূহত গ্রীষ্ম প্রবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলিও বিভাগে আগলি বতৰা দিছে। এই সময়ছোৱাত কৰ্ণাটকৰ উত্তৰ অংশৰ দুৰ্গম এলেকা, পশ্চিমবংগৰ গংগা নৈৰ ...

April 4, 2024 11:54 AM

views 70

আগন্তুক ৫ দিনত দেশৰ পূৱ আৰু উপদ্বীপ অঞ্চলসমূহত গ্রীষ্ম প্রবাহৰ প্ৰকোপ অব্যাহত থকাৰ সম্ভাৱনা

♦ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ৫ দিনত দেশৰ পূৱ আৰু উপদ্বীপ অঞ্চলসমূহত গ্রীষ্ম প্রবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত কৰ্ণাটকৰ উত্তৰ অংশৰ দুৰ্গম এলেকা, পশ্চিমবংগৰ গংগা নৈৰ কাষৰীয়া অঞ্চল, ঝাৰখণ্ড, ওড়িশা, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলসমূহত গ্রীষ্ম প্রবাহ থকাৰ আশংকা আছে। বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ৩ দিনত পূৱ ভাৰতৰ ভালেমান ঠাইত সর্বোচ্চ তাপমাত্রা ২ৰ পৰা ৩ ডিগ্রী ছেলচিয়াচ বৃদ্ধি পাব পাৰে বুলি পূর্বানুমান প্ৰকাশ কৰিছে। বিভাগটোৱে লগতে উত্তৰ-পূৰ্বাঞ্চলত ...