February 6, 2025 6:19 PM

views 21

অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ত ধুমুহা, গাজনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ৰ কোনো কোনো অংশত ধুমুহা, গাজনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। আকাশবাণীৰ বাতৰিৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত বতৰ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী ড০ সোমা সেন ৰয়ে অহা দুদিনলৈ অৰুণাচল প্ৰদেশ আৰু অসমত প্ৰৱল বৰষুণ আৰু ধুমুহাৰ আগজাননী দিছে।

January 24, 2025 1:11 PM

views 21

সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ তাপমাত্রা নিম্নগামী

বংগোপ সাগৰৰ শীতল বতাহ বাংলাদেশৰ মাজেৰে উত্তৰ পূৰ্বাঞ্চলত প্ৰবেশ কৰাত কালি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ তাপমাত্রা নিম্নগামী হয়। ইয়াৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত কালি ঘন কুঁৱলীৰ আচ্ছাদন পৰা দেখা যায়। গুৱাহাটী মহানগৰীতো কালি পুৱা প্ৰায় ৯ বজাৰ পৰাই ডাঠ কুঁৱলী পৰা পৰিলক্ষিত হয়। ইয়াৰ ফলত দৃশ্যমানতা হ্ৰাস পোৱাত কালি বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰৰ পৰা যাবলগীয়া আৰু আহিবলগীয়া ভালেকেইখন বিমানৰ যাত্ৰা এঘণ্টাৰ পৰা ৫ ঘণ্টা পর্যন্ত বিলম্ব হয়। কালি শিলচৰ আৰু ইম্ফল বিমান বন্দৰ...

January 1, 2025 4:22 PM

views 19

অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্রদেশ আৰু মেঘালয়ত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা

বতৰৰ বতৰা বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্রদেশ আৰু মেঘালয়ত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বতৰ শুকান হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। অসমকে ধৰি আটাইকেইখন ৰাজ্যক ঘন কুঁৱলীয়ে আৱৰি ৰখাৰ সম্ভাৱনা আছে। অৰুণাচল প্ৰদেশৰ হিমালয়ৰ পাদদেশৰ উচ্চ অঞ্চলসমূহত পাতলীয়া তুষাৰপাত হোৱাৰো সম্ভাৱনা আছে। বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া বতৰৰ আগলি বতৰা অনুসৰি আজি গুৱাহাটীৰ আকাশ ফৰকাল থাকিব। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্...

December 25, 2024 12:25 PM

views 21

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত জাৰৰ প্ৰকোপ বৃদ্ধি

বৰদিনৰ বতৰত জাৰৰ প্ৰকোপ বাঢ়ে বুলি চলি অহা কথাষাৰ এইবাৰো সঁচা প্ৰমাণিত হৈছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পুহ মাহৰ আজি ৯ তাৰিখে নিশাৰ তাপমাত্রা যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। উজনি অসমৰ কেতবোৰ ঠাইত পুহৰ হাড় কঁপোৱা জাৰৰ আগমন ঘটিছে। উত্তৰ লখিমপুৰত কালি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সর্বনিম্ন তাপমাত্রা ৫.১ ডিগ্রী ছেলছিয়াছ ৰেকৰ্ড কৰা হয়। এই তাপমাত্ৰা সাধাৰণতে হোৱা সৰ্বনিম্ন তাপমাত্ৰাতকৈ ৪.৫ ডিগ্রী ছেলছিয়াছ কম বুলি বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে। খ্ৰীষ্টমাছৰ আনন্দ উল্লাসত নাগালেণ্ডৰ বিভোৰ ৰাজধ...

December 22, 2024 6:58 PM

views 87

ৰাজধানী দিল্লীত বায়ুৰ গুণগত মান অতি নিম্নমুখী

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আজি বায়ুৰ গুণগত মান অতি নিম্নমুখী হৈ পৰিছে। পুৱাৰ ভাগত গড় বায়ুৰ গুণাগুণ সূচাংক এ কিউ আই আছিল ৩৯৫। ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্রণ বোৰ্ডৰ তথ্য মতে ৰাজধানীখনৰ মুন্দকা অঞ্চলত এ কিউ আই ৪৩৮, ৱাজিপুৰত ৪৪১, আনন্দ বিহাৰ অঞ্চলত ৪৩৪, আলীপুৰত ৪১৬, পি কে পুৰামত ৪১৫, দ্বাৰকা চেক্টৰত ৪৩৯ ৰেকৰ্ড কৰা হৈছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা দুদিনত ৰাষ্ট্ৰীয় ৰাজধানী এলেকাত পুৱা আৰু নিশাৰ ভাগত ধোৱা আৰু ঘন কুঁৱলীয়ে আৱৰি ৰাখিব বুলি পূর্বাভাষ প্ৰকাশ কৰিছে।

November 30, 2024 6:38 PM

views 31

ঘূৰ্ণীবতাহ ফেইঞ্জলৰ প্ৰভাৱত হ’ব পৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পুডুচেৰীত সতর্কতা

ঘূৰ্ণীবতাহ ফেইঞ্জলৰ প্ৰভাৱত হ'ব পৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পুডুচেৰীত সতর্কতা অৱলম্বন কৰা হৈছে। জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ উপকূলীয় অঞ্চলত ৩০০ৰো অধিক আৰক্ষী জোৱান নিয়োগ কৰা হৈছে। আনহাতে উপকূলীয় পথসমূহো বন্ধ কৰি দিয়াৰ লগতে এই অঞ্চলসমূহত ৰাজহুৱা প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ কলাই-ভানানে উপকূলীয় অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে আজি পুৱাৰ পৰা সমগ্ৰ পুডুচেৰীত পাতলীয়া বৰষুণ হৈছে।

October 5, 2024 9:40 AM

views 28

ৰাজ্যত আগন্তুক ৫ দিনৰ বাবে বতৰ অপৰিৱৰ্তিত হৈ থাকিব

ৰাজ্যত আগন্তুক পাঁচ দিনৰ বাবে বতৰ অপৰিৱৰ্তিত হৈ থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতর্কতা জাৰি কৰিছে। এই দিনকেইটাত গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত কম-বেছি পৰিমাণে বৰষুণ হ'ব বুলি ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে। ৰাজ্যৰ কিছু কিছু ঠাইত মজলীয়াৰ পৰা ধাৰাষাৰ আৰু দুই-এঠাইত গাজনি-ঢেৰেকনিৰে প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।

September 26, 2024 10:34 AM

views 55

অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত মুষলধাৰ বৰষুণৰ আগজাননী

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি পর্যন্ত অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত মুষলধাৰ বৰষুণৰ আগজাননী জাৰি কৰিছে। বিভাগে জাৰী কৰা আগলি বতৰা অনুসৰি নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, পশ্চিম মধ্যপ্ৰদেশ, গোৱা, মধ্য মহাৰাষ্ট্ৰ, ছিকিম আদি অঞ্চলত কাইলৈ পৰ্যন্ত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিভাগে অহা ৭ দিনৰ ভিতৰত কেৰালা, মাহে, লাক্ষাদ্বীপ, কৰ্ণাটকৰ দক্ষিণ আভ্যন্তৰীন অঞ্চল, অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চল আৰু য়ানামত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে।

August 31, 2024 8:14 PM

views 12

গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰৰ ভূ-বিজ্ঞান মন্ত্ৰ্যালয়, ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। যৌথভাৱে জাৰি কৰা সতর্কতামূলক জাননী উল্লেখ কৰা অনুসৰি প্ৰবল বৃষ্টিপাতৰ পৰিপ্ৰেক্ষিতত বাটপথত কৃত্রিম বানৰ সৃষ্টি হোৱাৰ উপৰি দিছপুৰ আৰু সোণাপুৰ ৰাজহ চক্ৰৰ কেতবোৰ এলেকা পানীৰে উপচি পৰাৰ সম্ভাৱনা আছে। ধাৰাষাৰ বৃষ্টিপাতৰ ফলত স্পৰ্শকাতৰ আন্তঃগাঁথনিৰ ক্ষয়-ক্ষতি হোৱাৰ লগতে যাতায়াত ব্যাহত হোৱ...

August 6, 2024 1:08 PM

views 29

ৰাজ্যত অহা পাঁচদিনলৈ ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত অহা পাঁচদিনলৈ ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি এই সময়ছোৱাত অসমৰ বিভিন্ন স্থানত বিজুলী-ঢেৰেকণিৰ লগতে ধাৰাসাৰ বৰষুণো অহাৰ সম্ভাৱনা আছে। তেনেক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বাসিন্দাসকলৰ উপৰি পৰ্যটক আৰু অন্যান্য ক্ষেত্ৰৰ লোকক সতর্কতা অৱলম্বন কৰাৰ পৰামৰ্শ দিয়া হৈছে।