June 17, 2025 9:48 AM

views 25

উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ লগতে চত্তিশগড়, কৰ্ণাটক, পশ্চিমবংগ, গুজৰাট, মহাৰাষ্ট্ৰ আৰু ওড়িশাত অহা দুই-তিনি দিনত মুষলধাৰ বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা দুইৰ পৰা তিনিদিনলৈ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ লগতে চত্তিশগড়, কৰ্ণাটকৰ উপকূলীয় অঞ্চল, পশ্চিমবংগ, গুজৰাট, গোৱা, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ওড়িশাত মুষলধাৰ বৰষুণৰ আগলি বতৰা জাৰি কৰিছে। বিভাগে আজি সৌৰাষ্ট্ৰ আৰু কছৰ ঠাই বিশেষে ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। ইপিনে বিহাৰ, ঝাৰখণ্ড, মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ কিছু অঞ্চলত আজি ধুমুহা-বৰষুণ হ'ব পাৰে বুলি বিভাগে প্রকাশ কৰিছে। বিভাগে অহা ২০ জুন পর্যন্ত দিল্লীকে ধৰি ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ অঞ্চল বিশেষে ...