May 24, 2024 11:34 AM

views 19

গুৱাহাটীৰ লগতে ৰাজ্যখনৰ অধিকাংশ জিলাত গ্রীষ্মৰ প্ৰকোপ বৃদ্ধি, আজি ৰাজ্যৰ ভিন্ন ঠাইত বৰষুণৰ সম্ভাৱনা

গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যখনৰ অধিকাংশ জিলাত গ্রীষ্মৰ প্ৰকোপ বৃদ্ধি হোৱাত জনজীৱনৰ দৈনন্দিন কাম-কাজ প্রায় কষ্টসাধ্য হৈ পৰা পৰিলক্ষিত হৈছে। ঠাই বিশেষে তাপমাত্রা ৩৮ ডিগ্রী চেলছিয়াছ অতিক্ৰম কৰিছে। মাত্ৰাধিক গৰমৰ ফলত হোৱা বিভিন্ন ৰোগত বহু লোক আক্ৰান্ত হৈছে। বিশেষকৈ পঢ়াশলীয়া ছাত্ৰ-ছাত্ৰীসকলে শাৰীৰিক কষ্টৰ লগতে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে। অনাবৃষ্টিৰ হেতু অসহায় হৈ পৰা ৰাজ্যখনৰ বিভিন্ন ঠাইৰ কৃষকসকলে আনকি ভেকুলীৰ বিয়া পর্যন্ত পতাৰ খবৰ পোৱা গৈছে। বিগত ৪ দিনত এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ যোৰহাট,...