August 15, 2025 12:52 PM

views 13

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ঘাইকৈ ডাৱৰীয়া, দুই-এজাক পাতলীয়া বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৩ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৭ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে বিজুলী-ঢেৰেকনীৰ সৈতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি ব...