September 11, 2024 1:24 PM

views 25

অহা ৬ দিনত অসম, মেঘালয় আৰু অৰুণাচল প্রদেশৰ ঠাই বিশেষে ধাৰাসাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয় আৰু অৰুণাচল প্রদেশৰ ঠাইবিশেষে অহা ৬ দিনত ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মিজোৰাম আৰু ত্ৰিপুৰাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বিভাগটোৱে প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে নগতে ছিকিম, পশ্চিম বংগ আৰু বিহাৰত ১৪ ছেপ্তেম্বৰ পৰ্যন্ত প্ৰৱল বৰষুণ হ'ব পাৰে বুলি সম্ভাৱনা প্রকাশ কৰিছে।

September 7, 2024 6:38 PM

views 29

উত্তৰ-পূৰ্বাঞ্চলৰ ৭ ৰাজ্যত পৰৱৰ্তী ৭ দিনত ধাৰাসাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত পৰৱৰ্তী ৭ দিনত ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে গুজৰাট, মহাৰাষ্ট্ৰ আৰু পূৱ ৰাজস্থানত অহা দুদিনত মুষলধাৰ বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে।

August 21, 2024 12:20 PM

views 45

দেশৰ কেইবাটাও স্থানত অহা ২৫ তাৰিখ পর্যন্ত অ’ৰেঞ্জ এলার্ট ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

■ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ পূব আৰু দক্ষিণ প্ৰান্তত অহা ২৫ তাৰিখ পর্যন্ত ধাৰাষাৰ বৰষুণৰ আগলি বতৰা দি অ’ৰেঞ্জ এলার্ট জাৰি কৰিছে । বতৰ বিজ্ঞান বিভাগে কৈছে যে এই সময়ছোৱাত বাংলাদেশৰ মধ্য ভাগত সৃষ্টি হোৱা নিম্নচাপৰ প্ৰভাৱত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু ছিকিমত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটী মহানগৰীতো পৰহি নিশাৰেপৰা দি থকা নেৰানেপেৰা বৰষুণৰ ফলত চানমাৰি, শিলপুখুৰী, ছয়মাইল, পাঞ্জাবাৰী, বেলতলা আদি বিভিন্ন অঞ্চল জলমগ্ন হৈ প...

July 16, 2024 1:53 PM

views 37

দেশৰ পশ্চিম প্রান্তত আজি প্ৰৱল বৃষ্টিপাতৰ আশংকা ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে দেশৰ পশ্চিম প্রান্তত আজি প্ৰৱল বৃষ্টিপাত আশংকা প্রকাশ কৰিছে। বিভাগে কৈছে যে কংকান, গোৱা, মধ্য মহাৰাষ্ট্ৰ, গুজৰাট, দক্ষিণ কৰ্ণাটক আৰু ইয়াৰ উপকূলীয় অঞ্চল, সৌৰাষ্ট্ৰ আৰু কুটচৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৰষুণৰ আশংকা আছে। বতৰ বিজ্ঞান বিভাগে আজিৰে পৰা অহা শুকুৰবাৰলৈ তেলেংগানা, অন্ধ্র প্রদেশৰ উপকূলীয় অঞ্চল, য়ানাম, ছত্তীশগড় আৰু উত্তৰ কৰ্ণাটকতো প্ৰৱল বৃষ্টিপাতৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি সতর্কবাণী জাৰি কৰিছে। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী আৰ কে জেনামণীয়ে ...

July 13, 2024 1:06 PM

views 66

আজিৰে পৰা উত্তৰ-পূৰ্বাঞ্চলত ধাৰাষাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ

● কেন্দ্রীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিকিম আৰু অৰুণাচল প্ৰদেশত আজিৰে পৰা ধাৰাষাৰ বৰষুণৰ আগজাননী দিছে। উত্তৰ-পূবৰ উপৰিও ওড়িশা, পশ্চিমবংগ, বিহাৰ, পূব-পশ্চিম উত্তৰ প্ৰদেশ, ৰাজস্থান, ঝাৰখণ্ড আদিতো অহা দুদিনলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। উল্লেখযোগ্য যে বিগত প্রায় এমাহধৰি অৰুণাচল প্রদেশ, অসম তথা উত্তৰ-পূবত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে অসমত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল ৷ সম্প্রতি বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বহু অঞ্চল এতিয়াও বানৰ কবলত আছে। আনহাতে ধাৰাষাৰ বৰষুণৰ ফলত ছিকিম, নাগালেণ্ড...

July 10, 2024 11:50 AM

views 19

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অহা ২-৩ দিন ধৰি মুষলধাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অহা ২-৩ দিন ধৰি মুষলধাৰ বৰষুণৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে পশ্চিমবংগ, অৰুণাচল প্ৰদেশ, ওড়িশা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট আদিতো এই সময়ছোৱাত যথেষ্ঠ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ মধ্য ভাৰতত অহা ৪ দিনলৈ বিজুলী-ঢেৰেকণিৰ লগতে বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে।