September 26, 2025 12:09 PM

views 43

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৭ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৭ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত নাগালেণ্ড আৰু মিজোৰামত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইফালে, অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞ...

August 14, 2025 6:58 PM

views 36

কাইলৈ ৰাজ্যৰ কেইবাখনো জিলাত ইয়েল’ এলার্ট জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ

বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কাইলৈ কামৰূপ, নগাঁও, মৰিগাঁও আৰু কাৰ্বি আংলং জিলাত ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আশংকা কৰি জিলাকেইখনৰ বাবে ইয়েল' এলার্ট জাৰি কৰিছে। এই সময়ছোৱাত জিলাকেইখনৰ ঠাইবিশেষে ধাৰাসাৰ বৰষুণ হ'ব পাৰে আৰু বিজুলী ঢেৰেকনিৰে প্ৰতি ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ বেগেৰে বতাহ বলাৰ সম্ভাৱনা আছে বুলি বকৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

August 12, 2025 12:48 PM

views 34

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া, দুই-এজাক মজলীয়া বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩১ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

June 16, 2025 1:42 PM

views 72

অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি আঞ্চলিক বতৰ বিজ্ঞান বিভাগৰ প্রকাশ

উৎকট গৰমৰ পাছত এতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰৱেশ ঘটিছে যাৰ প্ৰভাৱত অহা কিছুদিনলৈ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আঞ্চলিক বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰিছে। কোনো কোনো অঞ্চলত ধুমুহা, বতাহেৰে মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৫ ডিগ...

June 16, 2025 1:22 PM

views 66

দেশৰ পশ্চিম উপকূলত অতিপাত বৰষুণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰেড এলার্ট জাৰি

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে দেশৰ পশ্চিম উপকূলত অতিপাত বৰষুণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰেড এলার্ট জাৰি কৰিছে। আকাশবাণী নিউজৰ সতে হোৱা কথা-বতৰাত বতৰ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী আৰ কে জেনামণীয়ে কয় যে আগন্তুক দুদিনত দিল্লী, হাৰিয়ানা, পঞ্জাৱ, আৰু গুজৰাটত ধুমুহা বতাহ আৰু বিজুলীৰ ঢেৰেকনী সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। তেওঁ লগতে কয় যে দিল্লীকে ধৰি উত্তৰ-পশ্চিম ভাৰতত সর্বোচ্চ উষ্ণতা কালি উদ্বেগজনকভাৱে হ্ৰাস পাইছে।

May 21, 2025 12:27 PM

views 37

ৰাজ্যৰ অধিকাংশ ঠাইতে অহা ৭ দিনলৈ ধুমুহা-গাজনিৰে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা

ৰাজ্যৰ অধিকাংশ ঠাইতে অহা ৭ দিনলৈ ধুমুহা-গাজনিৰে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে কোনো কোনো অংশত অহা দুই-তিনিদিনলৈ ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে এই সময়ছোৱাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগেৰে ধুমুহা অহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ পশ্চিম আৰু দক্ষিণ অংশত অতিবৃষ্টি হোৱাৰ সম্ভাৱনাৰ লগতে কিছু অঞ্চলত ২০০ মিলিমিটাৰলৈকে বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। ইপিনে ৰাজ্যৰ দুৰ্যোগ প্রশমন বিভাগে গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া ...

May 20, 2025 7:09 PM

views 28

উত্তৰ-পূৰ্বাঞ্চলত প্ৰবল বৰষুণৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান প্রতিষ্ঠানৰ য়েল্ল’ এলাৰ্ট জাৰি

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰবল বৰষুণৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান প্রতিষ্ঠানে য়েল্ল’ এলাৰ্ট জাৰি কৰিছে। অসমৰ বিভিন্ন স্থানত অহা দুই-তিনিদিনলৈ নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। যোৱা মাজনিশাৰে পৰা গুৱাহাটী মহানগৰী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত প্ৰবল বৰষুণ হয়। মহানগৰীৰ কোনো কোনো অংশত ১০০ৰ পৰা ১১২.৫ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হয়। বৰষুণৰ ফলত গুৱাহাটীৰ বিস্তীর্ণ অঞ্চল প্লাৱিত হোৱাৰ লগতে অসমৰ সৈতে মেঘালয় আৰু আন কেইবাখনো ৰাজ্যক সংযোগ কৰা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপ...

May 20, 2025 1:12 PM

views 44

ৰাজ্যৰ বিভিন্ন স্থানত অহা দুই-তিনিদিনলৈ নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা

ৰাজ্যৰ বিভিন্ন স্থানত অহা দুই-তিনিদিনলৈ নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। আজি গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত যথেষ্ট বৰষুণ হোৱা বুলি কেন্দ্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ পশ্চিম আৰু দক্ষিণ অংশত অতিবৃষ্টি হোৱাৰ সম্ভাৱনা থকাৰ লগতে কিছু অঞ্চলত ২০০ মিলিমিটাৰলৈকে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল পানীত বুৰ যোৱাৰ লগতে ঠাই বিশেষে গছ উভালি পৰা তথা ভূমিস্খলনৰ আশংকা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে পৰিস্থিতি পর্যবেক্ষণ...

May 19, 2025 9:28 PM

views 92

আগন্তুক ৫ দিনত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে হিমালয়ৰ পাদদেশৰ পশ্চিমবংগ আৰু ছিকিমত বিজুলি ঢেৰেকণিৰ সৈতে ধাৰাষাৰৰ পৰা অতি প্রবল বৰষুণৰ আগলি বতৰা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৫ দিনত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে হিমালয়ৰ পাদদেশৰ পশ্চিমবংগ আৰু ছিকিমত বিজুলি ঢেৰেকণিৰ সৈতে ধাৰাষাৰৰ পৰা অতি প্রবল বৰষুণৰ আগলি বতৰা দিছে। এই সময়ছোৱাত কোংকাণ, গোৱা, কৰ্ণাটক আৰু কেৰালাৰ উপকূলীয় অঞ্চলসমূহতো ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিভাগে লগতে জম্মু-কাশ্মীৰ, লাডাখ, গিলগিট বাল্টিস্তান, মুজাফ্ফৰবাদ আৰু হিমাচল প্ৰদেশতো আজি আৰু কাইলৈ বতাহ, আৰু বিজুলী গাজনিৰে সৈতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি আগজাননী দিছে। উত্তৰাখণ্ডতো ঠায়ে ঠায়ে অহা ২৪ মে'লৈকে মজলীয়...

May 11, 2025 11:58 AM

views 26

২৭ মে’ত দক্ষিণ-পশ্চিম মৌচুমী প্রবাহ কেৰালা উপকূলত প্ৰৱেশৰ সম্ভাৱনা

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে কয় যে ২৭ মে'ত দক্ষিণ-পশ্চিম মৌচুমী প্রবাহে কেৰালা উপকূলত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। দক্ষিণ-পশ্চিম মৌচুমী প্রবাহৰ আৰম্ভণিৰ তাৰিখ ১ জুন বুলি ধাৰণা কৰা হৈছিল যদিও পাঁচ দিন পূর্বেই এইবাৰ দক্ষিণ-পশ্চিম মৌচুমী বতাহে কেৰালা উপকূলত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। খাৰিফ শস্যৰ বীজ সিঁচাৰ বতৰত ইতিবাচক প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে লগতে ২০২৫ চনৰ বাৰিষা পৰিমাণগতভাৱে স্বাভাৱিকতকৈ বেছি হ'ব বুলি আশা প্ৰকাশ কৰিছে। একেৰাহে দ্বিতীয় বাৰলৈ বতৰ বিজ্ঞান বিভাগে স্বাভাৱিকতকৈ...