September 24, 2024 9:19 PM

views 13

পশ্চিমবংগৰ জলপাইগুৰিৰ মইনাগুৰি ৰে’ল ষ্টেচনৰ সমীপত মালবাহী ৰে’লগাড়ীৰ দবা লাইনচ্যুত

পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ মইনাগুৰি ৰে'ল ষ্টেচনৰ সমীপত আজি পুৱা এখন মালবাহী ৰে’লগাড়ীৰ কেইবাটাও দবা লাইনৰ পৰা বাগৰি পৰে। ৰে'লগাড়ীখনৰ একাংশ দবা ইঞ্জিনৰ পৰা বিচ্ছিন্ন হোৱাৰ বাবেই এই অঘটন ঘটে। দুৰ্ঘটনাত পতিত ৰে’লগাড়ীখন অসমৰ পৰা নিউ জলপাইগুৰি ষ্টেচন অভিমুখে গৈ আছিল বুলি জানিব পৰা গৈছে। আলিপুৰ দুৱাৰৰ মাণ্ডলিক ৰে'ল প্ৰৱন্ধক অমৰজিৎ‍ গৌতমে কৈছে যে এই দুৰ্ঘটনাৰ তদন্ত কৰা হ'ব। দুৰ্ঘটনাৰ বাবে কেইখনমান ৰে’লগাড়ীৰ যাত্ৰাপথ সলনি কৰা হৈছে আৰু এখন ৰে’লগাড়ীৰ যাত্ৰা বাতিল কৰা হৈছে। একেদৰে এখন ৰে'লগাড়ীৰ যাত্ৰা...