September 20, 2024 1:29 PM September 20, 2024 1:29 PM
3
পশ্চিমবংগৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সন্দীপ ঘোষৰ পঞ্জীয়ন বাতিল
পশ্চিমবংগ চিকিৎসা পৰিষদে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সন্দীপ ঘোষৰ পঞ্জীয়ন বাতিল কৰিছে। তেওঁ প্ৰতিষ্ঠানটোত সংঘটিত এগৰাকী যুৱ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত বৰ্তমান চি বি আইৰ জিম্মাত আছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিগত ৬ ছেপ্টেম্বৰত সন্দীপ ঘোষক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছিল। কিন্তু তেওঁ ইয়াৰ তেৰ দিন উকলি যোৱাৰ পাছতো কোনো সঁহাৰি নিদিয়াৰ বাবে চিকিৎসা পৰিষদে পঞ্জীয়ন বাতিল কৰাৰ সিদ্ধান্ত লয়। ইপিনে পশ্চিম বংগৰ মুখ্য সচিব মনোজ পন্তে স্বাস্থ্য আৰু পৰিয়াল ক...