July 30, 2024 7:20 PM July 30, 2024 7:20 PM

views 5

ৱায়নাডৰ ভূমিস্খলন ঘটনাক লৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ৱায়নাডৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সামাজিক মাধ্যমযোগে দিয়া এটা শোকবার্তাত ভূমিস্খলনৰ ঘটনাত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়েও আহতসকল শীঘ্ৰেই সুস্থ হৈ উঠাৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনাইছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৱায়নাডৰ বিভিন্ন ঠাইত ভূমিস্খলনত নিহত প্ৰতিগৰাকী লোকৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা...