May 3, 2025 8:02 PM

views 16

ৱেভছ সন্মিলনত স্পর্টিফাই হাউছ, ইভ’লিউছন অব ফ’ক মিউজিক ইন ইণ্ডিয়া শীর্ষক অনুষ্ঠান

মুম্বাইত চলি থকা ৱেভছ সন্মিলন ২০২৫ৰ আজি তৃতীয় দিনা স্পর্টিফাই হাউছ, ইভ'লিউছন অব ফ'ক মিউজিক ইন ইণ্ডিয়া শীর্ষক আকর্ষণীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত দেশৰ ভিন্ন প্ৰান্তৰ লোকসংগীতৰ শিল্পীসকলে মত বিনিময় কৰে। এই অনুষ্ঠানত বিশিষ্ট গীতিকাৰ তথা কেন্দ্ৰীয় চলচ্চিত্র প্রমাণীকৰণ পৰিষদৰ অধ্যক্ষ প্ৰসুন যোশী, অসমৰ সংগীত শিল্পী পাপন, লোক সংগীত শিল্পী মালিনী অৱষ্ঠি আৰু যশস্বী শিল্পী ইলা অৰুনে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লৈ পাপনে লোক সংগীতৰ সৈতে তেওঁৰ যাত্ৰা আৰু চাৰ্ভিয়াত সংগীত পৰিৱেশনৰ সময়ত অসমীয...