May 4, 2025 11:29 AM

views 78

মুম্বাইত অনুষ্ঠিত বিশ্ব দৃশ্য-শ্ৰব্য আৰু মনোৰঞ্জন সন্মিলন ৱেভছৰ আজি সামৰণি

মুম্বাইত অনুষ্ঠিত বিশ্ব দৃশ্য-শ্ৰব্য আৰু মনোৰঞ্জন সন্মিলন ৱেভছৰ আজি সামৰণি পৰিব। আজি অন্তিম দিনা চলচ্চিত্র নির্মাণ সন্দৰ্ভত কেইবাটাও সত্ৰৰ আয়োজন কৰা হ'ব আৰু সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হ'ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোবা বৃহস্পতিবাৰে এই চাৰিদিনীয়া সন্মিলন মুকলি কৰিছিল। ভাৰতবৰ্ষক সংবাদ, মনোৰঞ্জন আৰু ডিজিটেল উদ্ভাৱনৰ গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াসৰ অংশ হিচাপে আয়োজন কৰা এই সন্মিলনত ৯০ খনকো অধিক দেশৰ প্ৰায় ১০ হাজাৰ প্ৰতিনিধিয়ে অংশ লয়।

May 3, 2025 11:56 AM

views 35

ৱেভছ সন্মিলন-২০২৫ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কলা-সংস্কৃতি প্ৰদৰ্শন

■ মুম্বাইত অনুষ্ঠিত বিশ্ব দৃশ্য-শ্রাব্য আৰু মনোৰঞ্জন সন্মিলন-ৱেভছ ২০২৫ত কালি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কলা-সংস্কৃতিৰ প্ৰদৰ্শন কৰা হয়। কালি এই সন্মিলনত মিচিং জনগোষ্ঠীৰ নৃত্য শিল্পীৰ দ্বাৰা পৰিৱেশিত পৰম্পৰাগত গুমৰাগ নৃত্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। অসমৰ পৰা মুম্বাইলৈ যোৱা শিল্পীসকলে গুমৰাগ নৃত্য পৰিৱেশন কৰাৰ উপৰি ত্ৰিপুৰাৰ ৰিয়াং জনগোষ্ঠীৰ নৃত্যশিল্পীসকলে হোজাগিৰি লোকনৃত্যও পৰিৱেশন কৰে। কালি ৱেভৰ মঞ্চত ৰিয়েলিটি শ্বো শাখাত ফনকাৰছ বেণ্ডক পুৰস্কাৰ প্ৰদান কৰা হয়। এই বেণ্ডত অসমৰ দুগৰাকী য...

May 2, 2025 3:54 PM

views 57

ৱেভছ সন্মিলন ২০২৫ত সংবাদ সেৱা বিষয়ক আন্তঃৰাষ্ট্ৰীয় বৈঠক অনুষ্ঠিত

■ ৱেভছ সন্মিলন ২০২৫ৰ অংশ হিচাপে আজি পুৱা মুম্বাইৰ জিঅ' ৱাৰ্ল্ড কনভেচন কেন্দ্ৰত সংবাদ সেৱা বিষয়ক এখন আন্তঃৰাষ্ট্ৰীয় বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠক তথ্য আৰু প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ উদ্যোগত আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সহযোগত অনুষ্ঠিত হৈছে। মুম্বাইৰ জিঅ' বিশ্ব অভিৱৰ্তন কেন্দ্ৰত কালি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব দৃশ্য-শ্রাব্য আৰু মনোৰঞ্জন সন্মিলন- ৱেভছ-২০২৫ উদ্বোধন কৰে। অভিনেতা আমিৰ খানে আজি এই সন্মিলনত উপস্থিত থাকি কয়, যে ভাৰতত জনসাধাৰণৰ বিপৰীতে চলচ্চিত্ৰ গৃহৰ সংখ্যা কম। তেওঁ কয়, যে ...

May 2, 2025 12:02 PM

views 47

মুম্বাইত প্রথম বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলনত

■ মুম্বাইত আয়োজিত প্রথম বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলন, ৱেভছত কালি উত্তৰ-পূব ভাৰতত চিনেমাৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনা শীৰ্ষক এখন আলোচনাচক্র অনুষ্ঠিত হয়। এই আলোচনাচক্ৰত জাহ্নু বৰুৱা, যতীন বৰা, ৰবি শৰ্মা, আইমী বৰুৱা, হাওবাম পৱন কুমাৰ আৰু ডমিনিক চাংমাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ জগতৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে। আলোচনাত অঞ্চলটোত চলচ্চিত্ৰ নিৰ্মাণৰ সময়ত নিমাৰ্তাসকলে সন্মুখীন হোৱা আন্তঃগাঁথনিৰ অভাৱ, ভাষা আৰু বজাৰৰ সীমাবদ্ধতাৰ লগতে প্রাতিষ্ঠানিক সমর্থনৰ অভাৱৰ দৰে বিষয়সমূহ আ...

April 30, 2025 8:37 PM

views 80

কাইলৈ মুম্বাইত বিশ্ব দৃশ্য-শ্ৰব্য বিনোদন সন্মিলন

ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হবলগীয়া বিশ্ব দৃশ্য-শ্ৰব্য বিনোদন সন্মিলনখন কাইলৈ মুম্বাইৰ জিঅ' কনভেনছন চেণ্টাৰত আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে এই সন্মিলনখন মুকলি কৰিব। ৪ দিনীয়া এই সন্মিলনখনত ডিজিটীয়ভাৱে বিভিন্ন বিষয়ৰ ওপৰত কাম কৰি থকা ব্যক্তিসকলৰ বাবে তথা ভাৰতক বিভিন্ন দেশৰ বাবে বিনোদনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে আৰু ডিজিটীয় উদ্ভাৱনৰ বাবে ষ্টাৰ্ট আপসমূহৰ বাবে উদ্যোগৰ মুৰববী আৰু বিশ্বৰ নীতি নিৰ্মাণকাৰীসকলক এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে এই সন্মিলনত প্ৰচেষ্টা চলোৱা হ'ব। ...

April 13, 2025 11:50 AM

views 42

ৱেভছ শীর্ষ সন্মিলন ২০২৫ৰ থীম সংগীত প্রতিযোগিতাৰ বিজয়ীসকলৰ নাম ঘোষণা

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৱেভছ শীর্ষ সন্মিলন ২০২৫ৰ অংশ হিচাপে অনুষ্ঠিত থীম সংগীত প্রতিযোগিতাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰিছে। ৱেভছ শীৰ্ষ সন্মিলনৰ ৩২টা প্ৰত্যাহ্বানৰ অংশ হিচাপে এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছিল। সমগ্ৰ দেশৰ ১০০ৰো অধিক প্ৰতিযোগীৰ মাজৰ পৰা ছগৰাকীক বিজয়ী হিচাপে নিৰ্বাচিত কৰা হৈছে।

April 12, 2025 1:14 PM

views 23

ৱেভছ শীর্ষ সন্মিলন ২০২৫ৰ থীম সংগীত প্রতিযোগিতাৰ বিজয়ীসকলৰ নাম ঘোষণা

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে ৱেভছ শীর্ষ সন্মিলন ২০২৫ৰ অংশ হিচাপে অনুষ্ঠিত থীম সংগীত প্রতিযোগিতাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰিছে। ৱেভছ শীৰ্ষ সন্মিলনৰ ৩২টা প্ৰত্যাহ্বানৰ অংশ হিচাপে এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছিল। সমগ্ৰ দেশৰ ১০০ৰো অধিক প্ৰতিযোগীৰ মাজৰ পৰা ছগৰাকীক বিজয়ী হিচাপে নিৰ্বাচিত কৰা হৈছে। ভাৰতীয় শাস্ত্রীয় নৃত্য-গীতৰ পৰা আৰম্ভ কৰি সমসাময়িক ধাৰাক সামৰি ৱেভছ সন্মিলনৰ বিষয়বস্তুৰ সৈতে সংগতি থকা গীত-নৃত্য তথা প্রতিযোগীসকলৰ মৌলিকতাৰ মূল্যাংকন কৰি বিচাৰকসকলে বিজয়সকলক নির্বাচিত কৰে। দেশৰ বৰ্ণ...

February 8, 2025 12:29 PM

views 15

ৱেভছ আন্তঃৰাষ্ট্ৰীয় শীৰ্ষ সন্মিলনত বিশ্বৰ আগশাৰীৰ ব্যক্তিসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৱেভছ আন্তঃৰাষ্ট্ৰীয় শীৰ্ষ সন্মিলনৰ উপদেষ্টা পৰিষদৰ এখন বৈঠকত মিলিত হয়। এই শীর্ষ সন্মিলনে বিশ্বৰ মনোৰঞ্জন, সৃষ্টিশীলতা আৰু সাংস্কৃতিক জগতক একত্ৰিত কৰিছে। বৈঠকত প্রধানমন্ত্রীয়ে বলীউডৰ জ্যেষ্ঠ অভিনেতা অমিতাভ বচ্চন, ৰজনীকান্ত, শ্বাহৰুখ খান, অনুপম, খেৰ, চিৰঞ্জীৱি, অনিল কাপুৰ, অক্ষয় কুমাৰ, ৰণবীৰ কাপুৰ আৰু দিলজিত দৌচাঞ্চজকে ধৰি ভাৰত তথা বিশ্বৰ মনোৰঞ্জন উদ্যোগৰ আগশাৰীৰ ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ লগতে সংগীত পৰিচালক এ আৰ ৰহমান, ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আ...

December 30, 2024 6:01 PM

views 34

প্ৰথমবাৰৰ বাবে ভাৰতৰ বিশ্ব দৃশ্য শ্রাব্য মনোৰঞ্জন শীৰ্ষ সন্মিলন, ৱেভছ আয়োজন

ভাৰতে ২০২৫ বৰ্ষত প্ৰথমবাৰৰ বাবে বিশ্ব দৃশ্য শ্রাব্য মনোৰঞ্জন শীৰ্ষ সন্মিলন, ৱেভছ আয়োজন কৰিব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালিৰ মন কি বাত অনুষ্ঠানত এই কথা প্ৰকাশ কৰে। এই অনুষ্ঠান বিশ্ববাসীৰ সন্মুখত ভাৰতৰ সৃষ্টিশীল প্রতিভা প্ৰদৰ্শন কৰাৰ বৃহৎ সুযোগ হৈ উঠিব বুলি আশা প্রকাশ কৰি তেওঁ কয়, যে এই উপলক্ষে ভাৰতত সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগৰ লগতে সৃষ্টিশীল ব্যক্তিসকলৰ সমাগম ঘটিব। দেশৰ যুৱ সম্প্ৰদায়ৰ আগ্ৰহ তথা অনুসন্ধিৎসাক লৈ গৌৰৱ প্ৰকাশ কৰি শ্ৰী মোদীয়ে লগতে কয়, যে ভাৰতবৰ্ষই ৫ ত্ৰিল...

July 14, 2024 12:19 PM

views 66

২০ৰ পৰা ২৪ নৱেম্বৰলৈ গোৱাত ভাৰতৰ প্ৰথম বিশ্ব দৃশ্য শ্রাব্য মনোৰঞ্জন সন্মিলন

ভাৰতে অহা ২০ৰ পৰা ২৪ নৱেম্বৰলৈ গোৱাত প্ৰথম বিশ্ব দৃশ্য শ্রাব্য মনোৰঞ্জন সন্মিলন ৱেভছ আয়োজন কৰিব। দিল্লীত কালি গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে কয় যে, ভাৰত বিশ্বৰ সবাতোকৈ বৃহৎ চলচ্চিত্র নির্মাণকাৰী ৰাষ্ট্ৰসমূহৰ অন্যতম। তেওঁ কয় যে, ৱেভছ সন্মিলন দেশৰ মিডিয়া আৰু মনোৰঞ্জন উদ্যোগৰ ভৱিষ্যৎ গঢ় দিয়াৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ অনুষ্ঠানৰূপে পৰিগণিত হ'ব। এই উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, ৱেভছ দেশৰ মনোৰঞ্জন উদ্যোগৰ বিকাশৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিৰূপে পৰিগণিত হ'ব। মিডিয়া আৰু মন...