May 14, 2025 11:30 AM May 14, 2025 11:30 AM
1
পাকিস্তানত এতিয়া সন্ত্রাসবাদী শান্তিৰে লুকাই থাকিব পৰা কোনো ঠাই নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কঠোৰ বাৰ্তা
পাকিস্তানত এতিয়া সন্ত্রাসবাদীয়ে শান্তিৰে লুকাই থাকিব পৰা কোনো ঠাই নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কঠোৰ বাৰ্তা দিছে। তেওঁ কয় যে সন্ত্রাসবাদীক তেওঁলোকৰ ঘাটিতে নিঃশেষ কৰাৰ সামৰ্থ ভাৰতৰ আছে। পাঞ্জাবৰ আদমপুৰ বায়ু সেনা ঘাটিত কালি বাহিনীটোৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰি প্রধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। সিন্দূৰ অভিযানৰ সাফল্যৰ প্ৰশংসা কৰি শ্ৰীমোদীয়ে কয় যে ভাৰতে পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ৯ টা শিবিৰ ধ্বংস কৰিছে আৰু এশৰো অধিক সন্ত্ৰাসবাদীক নিধন কৰিছে। তেওঁ কয়, যে সন্ত্রাসবাদীয়ে ভৰসা কৰ...