May 22, 2025 8:09 PM

views 25

ৱকফ্ সংশোধনী আইন ২০২৫ সন্দৰ্ভত অন্তৱৰ্তীকালীন আদেশ জাৰি কৰাটো স্থগিত উচ্চতম ন্যায়ালয়ৰ

 উচ্চতম ন্যায়ালয়ে ৱকফ্ সংশোধনী আইন ২০২৫ সন্দৰ্ভত চলি থকা গোচৰটোৰ ক্ষেত্ৰত অন্তৱৰ্তীকালীন আদেশ জাৰি কৰাটো স্থগিত ৰাখিছে। মুখ্য ন্যায়াধীশ বি আৰ গবাই আৰু ন্যায়াধীশ অগষ্টিন জর্জ মাছিক লৈ গঠিত খণ্ড আদালতে এই আইনখনৰ আইনী বৈধতাৰ প্ৰত্যাহ্বান জনায় দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত গোচৰীয় পক্ষকেইটাৰ জ্যেষ্ঠ অধিবক্তা কপিল শিৱাল, অভিষেক মনু সিংভি আৰু ৰাজীৱ ধাৱান আৰু চৰকাৰী পক্ষৰ অধিবক্তা চলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ যুক্তি তিনিদিন ধৰি শুনাৰ পাছত আজি তিনিটা বিষয় সন্দৰ্ভত অন্তৱৰ্তীকালীন আদেশ জাৰি কৰাট...

May 5, 2025 8:30 PM

views 21

ৱকফ সংশোধনী আইন ২০২৫ ৰ সাংবিধানিক বৈধতাৰ সৈতে জড়িত বিষয়টো চলিত মাহৰ ১৫ তাৰিখে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য্য উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে ৱকফ সংশোধনী আইন ২০২৫ ৰ সাংবিধানিক বৈধতাৰ সৈতে জড়িত বিষয়টো চলিত মাহৰ ১৫ তাৰিখে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য্য কৰিছে। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ দ্বাৰা গঠিত বিচাৰপীঠে এই আইনখনৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ এটা গোচৰৰ শুনানি গ্ৰহণ কৰি আছিল। শুনানিৰ সময়ত মুখ্য ন্যায়াধীশে কয়, যে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে দিয়া শপতনামা সুক্ষ্মভাৱে অধ্যয়ন কৰা নাই। তেওঁ কয়, যে এই বিষয়টো পৰৱৰ্তী মুখ্য ন্যায়াধীশ ভূষণ ৰামকৃ...

May 5, 2025 2:30 PM

views 25

উচ্চতম ন্যায়ালয়ত ৱাকফ আইন ২০২৫ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ এটা গোটৰ শুনানি

● উচ্চতম ন্যায়ালয়ত আজি ৱাকফ (সংশোধনী) আইন ২০২৫ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনসমূহৰ এটা গোটৰ শুনানি গ্রহণ কৰা হ'ব। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কেভি বিশ্বনাথনৰে গঠিত বিচাৰপীঠে দুপৰীয়া ২ বজাত এই বিষয়ত শুনানি গ্ৰহণ কৰিব। যোৱা ১৭ এপ্ৰিলত অনুষ্ঠিত শুনানিত বিচাৰপীঠে স্পষ্ট কৰি দিছিল যে আজিৰ নিৰ্ধাৰিত শুনানি প্ৰাৰম্ভিক শুনানিৰ বাবেহে আৰু প্ৰয়োজন হ'লে অন্তৱৰ্তীকালীন আদেশ জাৰি কৰা হব। যোৱা শুনানিত আদালতে এই সন্দৰ্ভত কিছুমান উদ্বেগ প্রকাশ কৰাৰ পি...

April 21, 2025 3:47 PM

views 17

ৱক্‌ফ সংশোধনী আইনৰ হিংসাত্মক ঘটনাৰ সন্দৰ্ভত পশ্চিম বংগ চৰকাৰক প্রতিবেদন দাখিলৰ বাবে নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

পশ্চিম বংগৰ মুৰ্ছিদাবাদত ৱক্‌ফ সংশোধনী আইনৰ বিৰোধিতাৰে সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে সর্বোচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধ্যক্ষতাত এখন ৫ সদস্যবিশিষ্ট ন্যায়িক তদন্ত আয়োগ গঠনৰ বাবে দাখিল হোৱা এখন জনস্বার্থজড়িত আবেদনৰ আজি সৰ্বোচ্চ ন্যায়ালয়ে শুনানি গ্রহণ কৰিব। শীর্ষ আদালতৰ ৱেবছাইটৰ তথ্য অনুসৰি ন্যায়াধীশ সূর্য কান্ত আৰু ন্যায়াধীশ এন কে সিঙৰ খণ্ডপীঠে আবেদনখনৰ শুনানি গ্রহণ কৰিব। এই আবেদনখনত হিংসাত্মক ঘটনাৰ সন্দৰ্ভত পশ্চিম বংগ চৰকাৰক এখন প্রতিবেদন দাখিল কৰাৰ বাবে নিৰ্দেশ দিয...

April 4, 2025 8:33 PM

views 18

সংসদীয় অধিবেশনৰ কাৰ্যক্ৰমণিকা সফলতাৰে সমাপ্ত হৈছেঃ ৰিজিজু

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি জনাইছে যে এইবাৰৰ সংসদীয় অধিবেশনৰ কাৰ্যক্ৰমণিকা সফলতাৰে সমাপ্ত হৈছে। নতুন দিল্লীত সংবাদ মেলক উদ্দেশ্যি তেওঁ কয় যে এই অধিবেশনৰ সময়ছোৱাত কোনো ধৰণৰ বিবাদ অবিহনে ৱাকফ বিধেয়কখন গৃহীত হৈছে আৰু সংসদৰ বুৰঞ্জীত ইয়াৰ পূৰ্বে কোনোবাৰেই কোনো বিধেয়কক লৈ ইমান সুন্দৰভাৱে আলোচনা হোৱা নাই। তেওঁ লগতে কয় যে এই অধিবেশনৰ সময়ছোৱাত লোকসভাই ১৬খন নতুন বিধেয়ক আৰু ৰাজ্যসভাই ১৪খন নতুন বিধেয়ক গৃহীত কৰে।

April 4, 2025 5:06 PM

views 17

সংসদত ৱক্‌ফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত হোৱাটো ঐতিহাসিক বুলি অভিহিত গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও সংসদত ৱক্‌ফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত হোৱাটো ঐতিহাসিক বুলি অভিহিত কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বাৰ্তাত শ্ৰী শ্বাহে কয়, যে ইয়াৰ জৰিয়তে অন্যায় আৰু দুৰ্নীতিৰ এছোৱা দীঘলীয়া সময়ৰ অৱসান ঘটাই ন্যায় আৰু সমতাৰ যুগৰ আৰম্ভণি হ’ল। এই ব্যৱস্থাই দেশৰ মুছলমান সম্প্ৰদায়ৰ দৰিদ্ৰ লোকসকলৰ লগতে মহিলা আৰু শিশুসকলক নিশ্চিতভাৱে উপকৃত কৰিব বুলি মত প্ৰকাশ কৰি তেওঁ কয়, যে এতিয়াৰে পৰা ৱক্‌ফ বোর্ড আৰু ৱফৰ সম্পত্তিসমূহৰ ক্ষেত্ৰত অধিক স্বচ্ছতা আৰু দায়বদ্ধতাৰ ব্য...

April 3, 2025 6:00 PM

views 20

ৱাক্‌ফ সংশোধনী বিধেয়ক, ২০২৫ মুছলমান বিৰোধী বুলি বিৰোধী নেতাসকলে মিছাকৈ প্ৰচাৰ কৰিছেঃ চিৰাগ পাছোৱান

ৱাক্‌ফ সংশোধনী বিধেয়ক, ২০২৫ সন্দৰ্ভত অসত্যৰ আশ্ৰয় লোৱা বুলি এল জে পিৰ ৰামবিলাস গোটৰ মুৰব্বী চিৰাগ পাছোৱানে বিৰোধী পক্ষৰ নেতাসকলক দোষাৰোপ কৰিছে। এই বিধেয়কখন মুছলমান বিৰোধী বুলি বিৰোধী নেতাসকলে মিছাকৈ প্ৰচাৰ কৰিছে বুলি মত প্ৰকাশ কৰি তেওঁ ওলোটাই কয়, যে দৰাচলতে এই বিধেয়কখন দৰিদ্ৰ মুছলমান আৰু মহিলাসকলৰ স্বাৰ্থৰ অনুকুলেহে গ্ৰহণ কৰা হৈছে। ইয়াৰ জৰিয়তে সম্পূৰ্ণ প্ৰক্ৰিয়াটো স্বচ্ছ হৈ পৰিব বুলিও সংসদৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত নেতাগৰাকীয়ে উল্লেখ কৰে।

April 2, 2025 8:17 PM

views 37

লোকসভাত ৱাক্‌ফ সংশোধনী বিধেয়ক ২০২৫ সম্পর্কে আলোচনা অব্যহত

লোকসভাত ৱাক্‌ফ সংশোধনী বিধেয়ক ২০২৫ সম্পর্কে আলোচনা চলি আছে। ২০২৪ চনৰ ৮ আগষ্টত ৱাক্‌ফ সংশোধনী বিধেয়ক আৰু মুছলমান ৱাক্‌ফ বাতিলকৰণ বিধেয়ক ২০২৪ উত্থাপন কৰাৰ পাছত ইয়াক জগদম্বিকা পাল নেতৃত্বাধীন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হৈছিল। যুটীয়া সংসদীয় সমিতিয়ে দাখিল কৰা ইয়াৰ প্ৰতিবেদন যোৱা ১৩ ফেব্ৰুৱাৰীত লোকসভা আৰু ৰাজ্যসভাত দাখিল কৰা হৈছিল। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি বিধেয়কখন উত্থাপন কৰি কয় যে মুছলমান সকলৰ ধৰ্মীয় প্ৰথাৰ সৈতে বিধেয়কখনৰ কোনো সম্পৰ্ক নাই আৰু ৱফ পৰ...

December 19, 2024 12:32 PM

views 25

ৱাক্‌ফ সংশোধনী বিধেয়ক ২০২৪ ক লৈ গঠিত যুটীয়া সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত

ৱাক্‌ফ সংশোধনী বিধেয়ক ২০২৪ক লৈ গঠিত যুটীয়া সংসদীয় সমিতিয়ে নতুন দিল্লীত কালি মিলিত হয়। লোকসভাৰ সাংসদ জগদম্বিকা পালৰ নেতৃত্বত গঠিত সমিতিয়ে বিধেয়কখন সন্দৰ্ভত সৰ্বভাৰতীয় All India Shia Personal Law Boardৰ পৰামৰ্শ গ্ৰহণ কৰে। বৈঠকৰ পাছত জগদম্বিকা পালে কয়, যে প্ৰস্তাৱিত সংশোধনী সন্দৰ্ভত সমিতিৰ সদস্যসকলে কিছুমান প্ৰশ্নক লৈ বোৰ্ডখনৰ পৰা পৰামৰ্শ বিচাৰিছে। ১৩ গৰাকী বিৰোধী সাংসদকে ধৰি সমিতিখনত ৩১ জন সদস্য আছে। ইয়াৰে ১০ জন ৰাজ্যসভাৰ আৰু ২১ জন লোকসভাৰ ৷