April 4, 2025 8:33 PM

views 14

সংসদীয় অধিবেশনৰ কাৰ্যক্ৰমণিকা সফলতাৰে সমাপ্ত হৈছেঃ ৰিজিজু

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি জনাইছে যে এইবাৰৰ সংসদীয় অধিবেশনৰ কাৰ্যক্ৰমণিকা সফলতাৰে সমাপ্ত হৈছে। নতুন দিল্লীত সংবাদ মেলক উদ্দেশ্যি তেওঁ কয় যে এই অধিবেশনৰ সময়ছোৱাত কোনো ধৰণৰ বিবাদ অবিহনে ৱাকফ বিধেয়কখন গৃহীত হৈছে আৰু সংসদৰ বুৰঞ্জীত ইয়াৰ পূৰ্বে কোনোবাৰেই কোনো বিধেয়কক লৈ ইমান সুন্দৰভাৱে আলোচনা হোৱা নাই। তেওঁ লগতে কয় যে এই অধিবেশনৰ সময়ছোৱাত লোকসভাই ১৬খন নতুন বিধেয়ক আৰু ৰাজ্যসভাই ১৪খন নতুন বিধেয়ক গৃহীত কৰে।

August 30, 2024 8:07 PM

views 19

ৱাকফ সংশোধনী বিধেয়ক-২০২৪ সন্দৰ্ভত যুটীয়া সমিতিৰ বৈঠক অনুষ্ঠিত

ৱাকফ সংশোধনী বিধেয়ক-২০২৪ সন্দৰ্ভত বিভিন্ন অংশীদাৰীসকলৰ মতামত আৰু পৰামৰ্শ বিচাৰি নতুন দিল্লীত আজি যুটীয়া সমিতিৰ বৈঠক অনুষ্ঠিত হৈছে। লোকসভা সচিবালয়ে প্ৰকাশ কৰা অনুসৰি মুম্বাইৰ সৰ্বভাৰতীয় চুন্নী জামিয়াটুল ওলামা আৰু নতুন দিল্লীৰ ইণ্ডিয়ান মুছলিমছ ফৰ ছিভিল ৰাইটছে আজি সমিতিৰ আগত নিজৰ নিজৰ মতসমূহ প্ৰকাশ কৰিব। সমিতিৰ প্ৰথমখন বৈঠক যোৱা ২২ আগষ্টত অনুষ্ঠিত হৈছিল। ৩১জন সদস্যৰে গঠিত এই সমিতিত লোকসভাৰ ২১জন আৰু ৰাজ্যসভাৰ ১০জন সদস্য আছে।