April 16, 2025 7:47 PM

views 15

ৱকফ সংশোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানি গ্ৰহণ

ৱকফ সংশোধনী আইনৰ সাংবিধানিক বৈধতাৰ প্ৰশ্ন তুলি দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে আজি শুনানি গ্ৰহণ কৰে। ন্যায়ালয়ে এই গোচৰটোৰ শুনানি কাইলৈৰ পৰা প্ৰতি দিনে গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনক লৈ গঠিত খণ্ড আদালতে আজি দিনৰ ২ বজাৰ পৰা এই গোচৰটোৰ শুনানি আৰম্ভ কৰে। সৰ্বোচ্চ ন্যায়ালয়ে আজি কেন্দ্ৰীয় চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ৱফ সংশোধনী আইনৰ সপক্ষে আগবঢ়োৱা যুক্তি শুনে। ছলিচিটৰ জেনেৰেলগৰাকী...