April 30, 2025 12:50 PM

views 16

ৱাঘা সীমান্তৰে প্ৰায় ৬০ গৰাকী পাকিস্তানী মহিলা আৰু শিশুক পাকিস্তানলৈ প্ৰেৰণ

জম্মু-কাশ্মীৰৰ ৱাঘা সীমান্তৰে কালি প্ৰায় ৬০ গৰাকী পাকিস্তানী মহিলা আৰু শিশুক ভাৰতৰ পৰা ঘূৰাই পঠিওৱা হয়। এই মহিলাসকলৰ বেছি সংখ্যকে প্রাক্তন কাশ্মীৰী সন্ত্ৰাসবাদীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা। শ্ৰীনগৰ, বাৰামুল্লা, কুপৱাৰা, বুদগাম আৰু শ্বপিয়ান জিলাৰ পৰা আহি একেলগ হোৱা এই পৰিয়ালসমূহক বাছেৰে পঞ্জাৱলৈ লৈ যোৱা হয় আৰু পাকিস্তানী কর্তৃপক্ষক অৰ্পণ কৰা হয়। বেছি সংখ্যক মহিলাই ২০১০ চনৰ প্ৰাক্তন সন্ত্ৰাসবাদীৰ পুনৰ্বাস নীতিৰ অধীনত কাশ্মীৰত প্ৰৱেশ কৰিছিল। ৪৫ বছৰ পূৰ্বে বৈধ ভিছা লৈ মেন্ধাৰ আৰু পুঞ্চত বাস কৰি...