October 12, 2025 7:51 PM

views 30

বিপন্নপ্রায় প্রজাতিৰ শগুন সংৰক্ষণৰ বাবে ধুবুৰী জিলাৰ মহামায়াৰ ৰাজাপাৰা সংমণ্ডলত বিশেষ পর্যবেক্ষণ

বিপন্নপ্রায় প্রজাতিৰ শগুন সংৰক্ষণৰ বাবে অৰণ্য সুৰক্ষা সমিতি অসমে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে আজি ধুবুৰী জিলাৰ মহামায়াৰ ৰাজাপাৰা সংমণ্ডলত বিশেষ পর্যবেক্ষণ চলোৱা হয়। সংগঠনটোৰ অসমৰ সচিব প্রধান ড° হৰিচৰণ দাসে প্ৰকাশ কৰা মতে, শৰৎ ঋতুত শগুনে বাঁহ সাজে আৰু কণী পাৰিবলৈ প্রয়োজনীয় পৰিবেশৰ সূচনা কৰে। সেয়েহে এই সময়খিনি এই প্রাণীবিধৰ বংশ বৃদ্ধিৰ বাবে অত্যন্ত প্রয়োজনীয়। ২০১১ চনৰ পৰা সংগঠনটোৱে মহামায়া বনাঞ্চলত পোৱা বগা পিঠিয়া শগুন আৰু হিমালয়ান শগুনৰ জৰীপ চলাই আহিছে। ২০১১ চনৰ জৰীপ অনুসৰি অঞ্চলটোত ২৬ টা শগুন আ...