November 16, 2025 11:49 AM November 16, 2025 11:49 AM
27
বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা লণ্ডনলৈ ৰাওনা
বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা কালি লণ্ডনলৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে ফে'চবুক লাইভ যোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই চুক্তি সফল হ'লে ৫০০ বছৰ কাল প্ৰজন্মৰ পাছত প্ৰজন্ম বঞ্চিত হৈ থকা ৰাজ্যৰ জনসাধাৰণে স্বচক্ষুৰে ঐতিহ্যপূর্ণ বৃন্দাৱনী বস্ত্ৰখন প্ৰত্যক্ষ কৰিব পাৰিব। লণ্ডনৰ সংগ্ৰহালয়ত থকা এই আপুৰুগীয়া বস্ত্ৰ ২০২৭ চনত ছমাহৰ বাবে অসমলৈ প্ৰদৰ...