December 1, 2024 12:30 PM

views 16

জয়পুৰীয়া বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন কাৰ্যসূচীত উপ-ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি উত্তৰ প্ৰদেশৰ কানপুৰ ভ্ৰমণ কৰি জয়পুৰীয়া বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ইয়াৰ উপৰি উপ-ৰাষ্ট্ৰপতি শ্ৰী ধনখড়ে আই আই টি কানপুৰতো এটা অনুষ্ঠানত অংশ ল'ব। উপ-ৰাষ্ট্ৰপতিৰ আগমনকলৈ ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

October 25, 2024 10:54 AM

views 18

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় পৰহিলৈ গুৱাহাটীলৈ আহিব

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পৰহিলৈ গুৱাহাটীত উপস্থিত হৈ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই ভ্ৰমণকালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজ গুৱাহাটীৰ একবিংশ আন্তঃৰাষ্ট্ৰীয় সমাৱৰ্তনত অংশ ল'ব। তেওঁ লগতে ৰাজভৱনলৈও যোৱাৰ কথা আছে ।

September 24, 2024 11:52 AM

views 19

উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীৰ দ্বিতীয় সংস্কৰণ কাইলৈ মুকলি কৰিব উপ-ৰাষ্ট্ৰপতিয়ে

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কাইলৈ গৌতমবুদ্ধ নগৰত উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিব। পাঁচ দিনীয়াকৈ হ'বলগীয়া এই বাণিজ্য প্রদর্শনী অহা ২৯ ছেপ্তেম্বৰত অন্ত পৰিব। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ বাণিজ্য আৰু সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব। এই প্ৰদৰ্শনীত অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ভিয়েটনামকো বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে, উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীৰ প্ৰথম সংস্কৰণ যোৱা বছৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে উদ্বোধন কৰিছিল।

September 20, 2024 7:58 PM

views 18

তিনিদিনীয়া ভ্রমণসূচীৰে উপ-ৰাষ্ট্ৰপতি কেন্দ্ৰীয়শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলী, দমন আৰু ডিউত উপস্থিত

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে তিনিদিনীয়া ভ্রমণসূচীৰে আজি কেন্দ্ৰীয়শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলী, দমন আৰু ডিউত উপস্থিত হৈছে। উপ-ৰাষ্ট্ৰপতিগৰাকীৰ এয়া প্ৰথম কেন্দ্ৰীয় শাসিত অঞ্চল ভ্ৰমণ। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰী ধনখড়ে দমনৰ জামপ’ৰত এটা পক্ষী গৃহ মুকলি কৰে। তেওঁ লগতে জামপ্ৰিনৰ এটা স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰে। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত কাইলৈ তেওঁ দাদ্ৰা আৰু নগৰ হাভেলীৰ ছিলভাছাত নমো চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান ভ্রমণ কৰিব। তেওঁ লগতে প্রতিষ্ঠানটোৰ ছাত্ৰ-ছাত্ৰী আৰু ফেকাল্টীসকলৰ সৈতে মত ব...

August 23, 2024 11:29 AM

views 12

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ গান্ধীনগৰ আৰু আহমেদাবাদ ভ্ৰমণ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি গুজৰাটৰ গান্ধীনগৰ আৰু আহমেদাবাদ ভ্ৰমণ কৰিব। দিনজোৰা এই ভ্ৰমণৰ সময়ছোৱাত উপৰাষ্ট্ৰপতি গৰাকীয়ে গান্ধী নগৰৰ ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ত শিক্ষার্থী তথা শিক্ষক-কর্মচাৰীসকলক সম্বোধন কৰিব। ইয়াৰ পাছত শ্ৰী ধনখড় গুজৰাট বিশ্ববিদ্যালয়ৰ ধৰ্ম ধৰ্ম্মা আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশ ল'ব। অনুষ্ঠানত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত আৰু মুখ্যমন্ত্ৰী উপেন্দ্র পেটেলো উপস্থিত থাকিব।

July 6, 2024 12:02 PM

views 19

দুদিনীয়া কাৰ্যসূচীৰে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ কেৰেলা ভ্ৰমণ

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় আজি দুদিনীয়া কাৰ্যসূচীৰে কেৰেলালৈ যাব। ভ্ৰমণৰ প্ৰথমদিনা উপ ৰাষ্ট্ৰপতিগৰাকীয়ে আজি ভাৰতীয় মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ দ্বাদশ দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰিব। শ্রীধনখড়ে প্ৰতিষ্ঠানৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক উৎকৃষ্টতাৰ মেডেল আগবঢ়াব। শ্রীধনখড়ে কাইলৈ কোল্লাম আৰু অষ্টমুদী ভ্ৰমণ কৰাৰ কথা।

May 22, 2024 10:04 AM

views 23

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ ইৰাণ ভ্ৰমণ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি ইৰাণ ভ্ৰমণ কৰিব। ভ্ৰমণৰ সময়ছোৱাত তেওঁ যোৱা দেওবাৰে হেলিকপ্তাৰ দুৰ্ঘটনাত মৃত্যুবৰণ কৰা ইৰাণৰ ৰাষ্ট্ৰপতি ড০ ছৈয়দ ইব্রাহিম ৰাইছি, বিদেশ মন্ত্রী ড০ হোছেইন আমিৰ আব্দুল্লাহিয়ান আৰু ইৰাণৰ অন্যান্য বিষয়াসকলৰ শোকসভাৰ এটা আনুষ্ঠানিক অনুষ্ঠানত অংশগ্রহণ কৰিব। ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইৰাণ চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে কালি নতুন দিল্লীত ইৰাণৰ ইছলামিক গণৰাজ্যৰ দুতাবাস পৰিদৰ্শন কৰি দেশৰ হৈ শোক ...

April 25, 2024 11:43 AM

views 17

বিজেপি সাংসদ ৰাজবীৰ সিং দিলেৰৰ মৃত্যুত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ হাথৰাছ লোকসভা আসনৰ বিজেপি সাংসদ ৰাজবীৰ সিং দিলেৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। নিজৰ শোকবার্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে সাংসদগৰাকীৰ মৃত্যুক দলৰ বাবে বৃহৎ ক্ষতি হিচাপে অভিহিত কৰে।