September 25, 2024 12:19 PM September 25, 2024 12:19 PM
4
গৌতমবুদ্ধ নগৰত আজি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিব
উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি গৌতমবুদ্ধ নগৰত উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিব। পাঁচ দিনীয়াকৈ হ'বলগীয়া এই বাণিজ্য প্রদর্শনী অহা ২৯ ছেপ্তেম্বৰত অন্ত পৰিব। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ বাণিজ্য আৰু সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব। এই প্ৰদৰ্শনীত অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ভিয়েটনামকো বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে, উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীৰ প্ৰথম সংস্কৰণ যোৱা বছৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে উদ্বোধন কৰিছিল।