September 22, 2025 7:13 PM September 22, 2025 7:13 PM
37
বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণত ৭১.৮৪ শতাংশ ভোটদান
বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণৰ আজি বিয়লি ৪ বজাত সামৰণি পৰিছে। আজি পুৱা ৭.৩০ বজাৰ পৰা অনুষ্ঠিত ভোটগ্ৰহণত ৭১.৮৪ শতাংশ ভোটদান হোৱা বুলি অসম ৰাজ্যিক নির্বাচন আয়োগে প্রকাশ কৰিছে। অৱশ্যে সকলো ভোটগ্রহণ কেন্দ্ৰৰ পৰা সম্পূৰ্ণ তথ্য লাভ কৰাৰ পাছত এই সংখ্যা আৰু বাঢ়িব পাৰে বুলি কোৱা হৈছে। আমাৰ সংবাদদাতাসকলে জনোৱা অনুসৰি কোকৰাঝাৰ জিলাৰ ১২টা সমষ্টিত আবেলি ৩.৩০ বজালৈকে ৭০.৬৮ শতাংশ ভোটগ্রহণ হয়। পর্বতঝোৰা সমষ্টিত ৭৫.৪৩ শতাংশ আৰু যমদুৱাৰ সমষ্টিত ৭৫.১৬ শতাংশ ভোটদান হয়। বাক্সা জিলাত বিয়লি ৩.৩০ বজালৈ ৫৭.৫৮...