May 7, 2025 8:18 PM May 7, 2025 8:18 PM
17
মধ্য আৰু নামনি অসমৰ ১৩খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন
মধ্য আৰু নামনি অসমৰ ১৩ খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন হৈছে। ৰাজ্যিক নির্বাচন আয়োগৰ সূত্ৰ অনুসৰি বিয়লি ৩.৩০ বজালৈকে নলবাৰী জিলাত ৫৯ দশমিক ৪- ৫ শতাংশ, দক্ষিণ শালমাৰা জিলাত ৫৮ শতাংশ, গোৱালপাৰা জিলাত ৫৬ দশমিক ২-২ শতাংশ, বঙাইগাঁও জিলাত ৬২ দশমিক ৭–২ শতাংশ, বৰপেটা জিলাত ৬০ দশমিক ২-২ শতাংশ, বজালী জিলাত ৫৭ শতাংশ, কামৰূপ জিলাত ৫১ দশমিক ৩-৩ শতাংশ, কামৰূপ মহানগৰ জিলাত ৫৬ দশমিক ৮-৪ শতাংশ, হোজাই জিলাত ৫৭ দশমিক ৬-৫ শতাংশ, নগাঁও জিলাত ৫১ দশমিক ৭ শতাংশ...