May 19, 2024 12:50 PM May 19, 2024 12:50 PM
13
৪ জুনৰ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্রস্তুতি আৰম্ভ
অহা ৪ জুনত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে প্রস্তুতি আৰম্ভ কৰিছে। বিভিন্ন জিলাত ভোটগণনা কাৰ্যৰ বাবে প্ৰশাসনে প্ৰস্তুতিৰ বুজ ল'বলৈ বৈঠকত মিলিত হৈছে। মৰিগাঁও জিলা প্ৰশাসনে অলপতে ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত ভোটগণনা কার্য নিয়াৰিকৈ চলাই নিয়াৰ বাবে ল'বলগীয়া পদক্ষেপসমূহৰ সন্দৰ্ভত আলোচনা কৰা হয়। ইফালে ৰাজ্যিক নির্বাচন আয়োগেও ৪ জুনৰ ভোটগণনাৰ বাবে নিৰাপত্তা ব্যৱস্থাকে ধৰি সকলো প্ৰস্তুতি গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্টসকলক নিৰ্দেশ ...