December 6, 2025 7:57 PM

views 24

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৯৩ লাখৰো অধিক গণনাপত্ৰ বিতৰণ

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৯৩ লাখৰো অধিক গণনাপত্ৰ বিতৰণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। বিতৰণ কৰা প্ৰপত্ৰৰ সংখ্যা এই পৰ্যায়ত সামৰি ল'বলগীয়া ৫১ কোটি ভোটদাতাৰ প্ৰায় ৯৯.৯৩ শতাংশ। আয়োগে প্ৰকাশ কৰা মতে বৰ্তমানলৈকে প্ৰায় ৪৯ কোটি প্ৰপত্ৰৰ ডিজিটেল ৰূপ প্ৰদানৰ কাম সম্পূৰ্ণ হৈছে। দেশৰ ৯খন ৰাজ্য আৰু তিনিটা কেন্দ্রীয় শাসিত অঞ্চলত ৪ নৱেম্বৰত দ্বিতীয় পর্যায় ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন প্ৰক্ৰিয়াৰ আৰম্ভ হৈছিল...

November 24, 2025 8:49 PM

views 30

ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াত কংগ্ৰেছ আৰু টি এম চিকে ধৰি বিৰোধী দলসমূহে বাধাৰ সৃষ্টি কৰিছেঃ বিজেপি

দেশৰ কেইখনমান ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া নিয়াৰিকৈ চলাই নিয়াৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু টি এম চিকে ধৰি বিৰোধী দলসমূহে বাধাৰ সৃষ্টি কৰিছে বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ মুখপাত্র শুধাংশু ত্রিবেদীয়ে কয় যে দেশত স্বচ্ছ আৰু নিকা নিৰ্বাচনৰ বাবে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ অত্যন্ত প্রয়োজন। কংগ্ৰেছৰ নেতা আৰু ঝাৰখণ্ডৰ মন্ত্ৰী ইৰফান আনচাৰিয়ে বুথ পৰ্যায়ৰ বিষয়াসকলৰ সন্দৰ্ভত কৰা মন্তব্য সন্দৰ্ভত উদ্বেগ প্রকাশ কৰি শ্রীত্রিবেদ...

January 24, 2025 7:41 PM

views 31

কাইলৈ পঞ্চদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস

সমগ্ৰ দেশতে কাইলৈ পঞ্চদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস পালন কৰা হ'ব। দেশত মুঠ ভোটদাতাৰ সংখ্যা প্রায় ১০০ কোটি হোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস বিশেষভাৱে পালন কৰা হ'ব । এই বছৰৰ ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ মূলমন্ত্ৰ হৈছে ভোটদানৰ দৰে একোৱেই নহয়, মই নিশ্চিতভাৱে ভোটদান কৰিম। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ মূল কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত আইন আৰু ন্যায় বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল সন্মানীয় অতিথি ...

November 14, 2024 9:52 AM

views 29

চামগুৰি সমষ্টিত সৰ্বাধিক আৰু বঙাইগাঁও সমষ্টিত সর্বনিম্ন ভোটগ্রহণ

ৰাজ্যৰ ৫টা সমষ্টিত কালি অনুষ্ঠিত উপ-নির্বাচন সামগ্ৰিকভাৱে শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ অনুষ্ঠিত হয়। কোনো কোনো স্থানত দুই এটা বিক্ষিপ্ত ঘটনা সংঘটিত হয় যদিও এনে ঘটনাই ভোটগ্রহণ প্রক্রিয়াত কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে। নির্বাচন অনুষ্ঠিত বঙাইগাঁও, চামগুৰি, বিহালী, চিদলী আৰু ধলাই সমষ্টিৰ ভোটগ্রহণ কালি বিয়লি ৫ বজাত সামৰণি পৰে। চামগুৰি সমষ্টিত সৰ্বাধিক আৰু বঙাইগাঁও সমষ্টিত সর্বনিম্ন ভোটগ্রহণ হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। নির্বাচন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে চামগুৰি সমষ্টিত ৭৯ শতাংশ, ...

May 7, 2024 12:27 PM

views 34

পুৱা প্ৰায় ৭.৩০ বজাত প্রধানমন্ত্ৰী মোদীৰ ভোটাধিকাৰ সাব্যস্ত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধী নগৰ সমষ্টিৰ অন্তৰ্গত আহমেদাবাদৰ নিছান হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ভোটকেন্দ্ৰত পুৱা প্ৰায় ৭.৩০ বজাত ভোটাধিকাৰ সাব্যস্ত কৰে। এই সমষ্টিত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে বিজেপিৰ প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰিছে। ভোটদান কৰি প্ৰধানমন্ত্ৰীয়ে ভোটকেন্দ্ৰটোৰ সাধাৰণ ভোটদাতাসকলৰ সৈতে মত-বিনিময় কৰে। তেওঁ প্ৰাৰ্থী তথা গৃহমন্ত্ৰী শ্বাহৰ সৈতে সাধাৰণ লোকৰ শুভেচ্ছাও গ্রহণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভোটাধিকাৰ সাব্যস্ত কৰি কয় যে, ভোটদান মহত্বপূৰ্ণ দান আৰু ভাৰতৰ...

April 5, 2024 8:35 PM

views 36

ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে ভোটগ্রহণ কেন্দ্ৰ পৰ্যায়ত কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নিৰ্দেশ

◊ মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ভোটদানৰ হাৰ বৃদ্ধি আৰু আচৰণগত হাৰ বৃদ্ধিৰ বাবে ভোটগ্রহণ কেন্দ্ৰ পৰ্যায়ত কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ বচা বচা জিলাৰ নিৰ্বাচনী বিষয়া আৰু পৌৰ আয়ুক্তসকলক নিৰ্দেশ দিছে। মুখ্য আয়ুক্তগৰাকীয়ে তেওঁলোকক নগৰ আৰু গ্ৰামাঞ্চলৰ বাবে সুকীয়া সুকীয়া ৰণনীতি প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে। শ্ৰী কুমাৰে আজি নতুন দিল্লীত অনুষ্ঠিত পৌৰ আয়ুক্ত আৰু কেইখনমান জিলাৰ নিৰ্বাচনী বিষয়াৰ সৈতে হোৱা বৈঠকত অধ্যক্ষতা কৰি এইদৰে নিৰ্দেশ দিয়ে। আসন্ন লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধিৰ উ...

April 2, 2024 7:31 PM

views 34

প্রথম পর্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্রহণৰ বাবে কাইলৈৰ পৰা ৫ এপ্ৰিললৈকে এবছেণ্টি ভোটদাতাসকলৰ গৃহ ভোটদান প্রক্রিয়া আৰম্ভ

♦ আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোৰহাট নির্বাচনী জিলাত এবছেণ্টি ভোটদাতাসকলৰ বাবে গৃহ ভোটদানৰ ব্যৱস্থা কৰা হৈছে। যোৰহাট লোকসভা সমষ্টিত প্রথম পর্যায় অর্থাৎ ১৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ভোট গ্রহণৰ বাবে কাইলৈৰ পৰা ৫ এপ্ৰিললৈকে এবছেণ্টি ভোটদাতাসকলৰ গৃহ ভোটদান প্রক্রিয়া অব্যাহত থাকিব। উল্লেখযোগ্য যে ৮৫ বছৰৰ উৰ্ধৰ ভোটদাতা আৰু বিশেষভাৱে সক্ষম ভোটদাতাসকলক এবছেণ্টি ভোটদাতাৰ তালিকাত সন্নিৱিষ্ট কৰি ঘৰতে ভোটগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। এই ব্যৱস্থাৰ অধীনত যিসকল ব্যক্তিয়ে 12-D প্ৰ-পত্ৰ পূৰণ কৰিছে, তেওঁ...