December 24, 2024 8:26 PM

views 18

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ বিভিন্ন দিশ পৰ্যালোচনাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত উপস্থিত হৈ চিকিৎসা মহাবিদ্যালয়খনৰ সামগ্ৰিক পৰিৱেশ আৰু ইয়াৰ বিভিন্ন দিশ সন্দৰ্ভত পর্যালোচনা কৰাৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে চিকিৎসালয়খনলৈ অহা ৰোগীৰ সংখ্যা, বিভিন্ন বিভাগৰ বৰ্তমানৰ স্থিতিকে ধৰি অন্যান্য সা-সুবিধাসমূহৰ বুজ লয়। ড০ শৰ্মাই চিকিৎসালয়খনত ৩০০ কোটি টকা ব্যয়ৰে নিৰ্মাণৰ পৰিকল্পনা কৰা নতুন আৱাসিক কলনিৰ সন্দৰ্ভত চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰে। এই ক্ষেত্ৰত যাৱতীয় পদক্ষেপ...