September 16, 2025 6:53 PM

views 17

কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ

কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা কাইলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি এই পূজাৰ বাবে ব্যাপক আয়োজন চলিছে। মৃৎ শিল্পীসকলে বিশ্বকৰ্মাৰ মৃণ্ময় মূৰ্তিত অন্তিম পৰশ দিছে। কাইলৈ পুৱাতে ৰাজ্যৰ বিভিন্ন অঞ্চলত বিশ্বখনিকৰক আৰাধনা কৰা হ'ব। এই পূজাৰ লগে লগে ৰাজ্যখনত শাৰদীয় পূজাৰ পৰিৱেশৰো সূচনা হ'ব। ৰাজ্যৰ বিভিন্ন কল-কাৰখানা, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভা...