May 30, 2025 11:33 AM

views 10

ৰাজ্যত ২৬খন জিলাৰ ৩,২৫০খন গাঁও আৰু ৫ লাখৰো অধিক কৃষকক সামৰি বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনত সমগ্ৰ দেশজুৰি আজি আৰম্ভ হোৱা এই অভিযানত অসমৰ ২৬ খন জিলাৰ ৩ হাজাৰ ২৫০ খন গাঁও আৰু ৫ লাখৰো অধিক কৃষকক সামৰি লোৱা হৈছে। ধেমাজি উন্নয়ন খণ্ডৰ অন্তৰ্গত বাটঘৰীয়া গাঁও পঞ্চায়তত ৪০০ৰো অধিক কৃষকৰ উপস্থিতিত বিকশিত কৃষি সংকল্প অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত কৃষক, কৃষি বিজ্ঞানী আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, কৃষি, পশু আৰু দুগ্ধ তথা মৎস্য বিভাগকে ধৰি বিভিন্ন বিভাগৰ...