August 16, 2025 8:41 PM

views 40

কাইলৈ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে নেপাললৈ বিদেশ সচিব বিক্রম মিশ্রি

বিদেশ সচিব বিক্রম মিশ্রিয়ে কাইলৈ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে নেপাললৈ যাব। নেপালৰ বৈদেশিক সচিব অমৃত বাহাদুৰ ৰায়ৰ আমন্ত্ৰণ মর্মে শ্রী মিশ্রি দেশখনলৈ যাব। ছেপ্টেম্বৰত নেপালৰ প্ৰধানমন্ত্রী কে পি শৰ্মা অলিৰ সম্ভাব্য নেপাল ভ্ৰণৰ পূৰ্বে সচিব পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত উভয় দেশৰ সীমান্ত সুৰক্ষা, বিমান পৰিবহণ, শক্তি খণ্ডকে ধৰি আন বিভিন্ন ক্ষেত্ৰত থকা সহযোগিতা অধিক বৃদ্ধি কৰাৰ সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, ভাৰত আৰু নেপালৰ মাজত শক্তিশালী আৰু বন্ধুত্বসুলভ সম্পর্ক আছে আৰু যোৱা...

June 13, 2025 8:50 PM

views 26

চীনৰ বিদেশ দপ্তৰৰ উপমন্ত্ৰী ছান ৱেইডঙৰ সৈতে ভাৰতৰ বৈদেশিক সচিব বিক্রম মিশ্রিৰ বৈঠক

কেন্দ্রীয় বৈদেশিক সচিব বিক্রম মিশ্রিয়ে আজি নতুন দিল্লীত চীনৰ বিদেশ দপ্তৰৰ উপমন্ত্ৰী ছান ৱেইডঙৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰি দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ এটা বিবৃতিত প্ৰকাশ পোৱা মতে তেওঁলোকে জনসাধাৰণৰ সৈতে সম্পর্কিত বিষয়ক অগ্ৰাধিকাৰ দি উভয় দেশৰ মাজৰ সম্পৰ্কক সুস্থিৰ কৰি তোলা আৰু নতুনকৈ গঢ় দিয়াৰ ক্ষেত্ৰত সহমত পোষণ কৰে। বিদেশ সচিব শ্রী মিশ্রিয়ে চলিত বৰ্ষৰ কৈলাশ মানসৰোবৰ যাত্ৰা পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত চীনৰ সহযোগিতাৰ শলাগ লয়।

April 20, 2025 10:14 AM

views 23

ইছলামীয় সহযোগিতা সংস্থা মঞ্চৰ অপব্যহাৰ কৰাৰ বাবে পাকিস্তানক ভাৰতৰ তীব্ৰ গৰিহণা

ভাৰতে ইছলামীয় সহযোগিতা সংস্থা মঞ্চৰ অপব্যহাৰ কৰাৰ বাবে পাকিস্তানক তীব্ৰ গৰিহণা দিছে। নতুন দিল্লীত কালি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদেশ সচিব বিক্রম মিশ্রিয়ে কয়, যে এনে কৰাটো পাকিস্তানৰ পুৰণি অভ্যাস আৰু নতুন দিল্লী মহলে সময়ে সময়ে ইছলামীয় সহযোগিতা সংস্থাৰ মৈত্ৰী আৰু সহযোগী ৰাষ্ট্ৰসমূহৰ সৈতে বিষয়টো উত্থাপন কৰি আহিছে। তেওঁ কয়, যে পাকিস্তানৰ অভ্যাসজনিত এনে প্ৰচেষ্টাৰ বিষয়ে ভাৰতে নিজৰ মতামত প্ৰকাশ কৰি আহিছে আৰু অ' আই চিৰ সদস্য ৰাষ্ট্ৰসমূহ এই বিষয়ে ভালদৰে অৱগত। ৰাছিয়া, ইউক্রেইন যুদ...

March 29, 2025 11:46 AM

views 30

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত কৌশলগত স্বার্থ শক্তিশালী কৰাত গুৰুত্ব আৰোপ

বিদেশ সচিব বিক্রম মিশ্ৰীয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত কৌশলগত স্বার্থ শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে। আমেৰিকাৰ চিনেটৰ দ্বাৰা দেশখনৰ উপ-বিদেশ মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰা ক্ৰিষ্ট'ফাৰ লেণ্ডাওক অভিনন্দন জ্ঞাপন কৰি শ্ৰীমিশ্ৰীয়ে দুয়োখন দেশৰ মাজৰ ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্ব প্রয়োজন সন্দৰ্ভত আলোকপাত কৰে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বাণিজ্য, প্ৰতিৰক্ষা আৰু প্ৰযুক্তি সহযোগিতা বৃদ্ধিৰ লগতে প্ৰব্ৰজনৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰতো আলোচনা কৰে। দুয়ো পক্ষই পাৰস্পৰিক স্বার্থজড়িত বিষয়সম...

December 19, 2024 8:47 PM

views 21

কাইলৈৰ পৰা ৩ দিনীয়া ভ্ৰমণসূচীৰে বিদেশ সচিব বিক্রম মিশ্রী মৰিছাছলৈ যাব

বিদেশ সচিব বিক্রম মিশ্রীয়ে কাইলৈৰ পৰা তিনি দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে মৰিছাছলৈ যাব। সেই দেশৰ প্ৰধানমন্ত্রী নবীনচন্দ্ৰ ৰামগুলামৰ নেতৃত্বত মৰিছাছত নতুন চৰকাৰ গঠনৰ পাছত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্বন্ধৰ বাবে এইয়া হ'ব প্ৰথম উচ্চ পৰ্যায়ৰ ভ্ৰমণ। এই ভ্ৰমণত দুয়োখন দেশৰ মাজত উচ্চ পৰ্যায়ৰ নিয়মীয়া আদান-প্রদান অব্যাহত ৰখাৰ লগতে গ্লোবেল ছাউথৰ দায়বদ্ধতা, আফ্ৰিকাৰ বাবে থকা নীতি আৰু সাগৰ দৃষ্টিভংগীৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰাধিকাৰ প্ৰতিফলিত কৰিব। ভাৰত আৰু মৰিছাছে দীৰ্ঘদিনৰে পৰাই দুয়োখন দেশৰ মাজত ঐতিহাসি...

December 9, 2024 2:22 PM

views 31

ভাৰত-বাংলাদেশ বৈদেশিক কাৰ্যালয়ৰ আলোচনাত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিবলৈ ঢাকাত উপস্থিত বিদেশ সচিব বিক্রম মিশ্ৰী

ভাৰত-বাংলাদেশ বৈদেশিক কাৰ্যালয়ৰ পৰৱৰ্তী পৰ্যায়ৰ আলোচনাত ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিবলৈ ভাৰতৰ বিদেশ সচিব বিক্রম মিশ্ৰী ঢাকাত উপস্থিত হৈছে৷ আজি পুৱা প্ৰায় ৮:৩০ বজাত ভাৰতীয় বায়ুসেনাৰ এখন বিমানেৰে তেওঁ ঢাকাত উপস্থিত হয়। চলিত বৰ্ষৰ ৫ আগষ্টত বাংলাদেশত ৰাজনৈতিক পৰিৱৰ্তনৰ পাছত ভাৰত আৰু বাংলাদেশৰ মাজত এয়া হৈছে প্ৰথমখন উচ্চ পৰ্যায়ৰ আনুষ্ঠানিক বৈঠক। ঢাকাত উপস্থিত হোৱাৰ লগে লগে মিশ্ৰীক বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ দক্ষিণ এছিয়া মণ্ডলৰ সঞ্চালক প্রধান ইশ্ৰত জাহানে আদৰণি জনায়। বাংলাদেশৰ ভাৰতীয...

November 12, 2024 8:26 AM

views 23

বিদেশ সচিব বিক্রম মিশ্ৰিৰ কাৰ্যকাল ২০২৬ চনৰ ১৪ জুলাই পর্যন্ত বৃদ্ধি

কেন্দ্ৰীয় চৰকাৰে বিদেশ সচিব বিক্রম মিশ্ৰিৰ কাৰ্যকাল ২০২৬ চনৰ ১৪ জুলাই পর্যন্ত বৃদ্ধি কৰিছে। কেবিনেটৰ নিযুক্তি কমিটিয়ে কার্যকাল বৃদ্ধিত অনুমোদন জনাইছে। শ্রী মিশ্রিয়ে চলিত বৰ্ষৰ ১৫ জুলাইত বিদেশ সচিবৰ দায়িত্ব গ্ৰহণ কৰিছিল। ১৯৮৯ চনৰ ভাৰতীয় বিদেশ সেৱাৰ বিষয়াগৰাকীয়ে ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিভিন্ন পদবীত সেৱা আগবঢ়োৱাৰ লগতে প্রধানমন্ত্ৰীৰ কাৰ্যালয়তো কাম কৰিছিল।

August 10, 2024 7:29 PM

views 20

বৈদেশিক সচিব শ্রী বিক্রম মিশ্রি দুদিনীয়া কাৰ্যসূচীৰে নেপাল ভ্ৰমণ

নেপালৰ বৈদেশিক সচিব শ্ৰীমতী চেৱা লামচালৰ আমন্ত্রণ মৰ্মে বৈদেশিক সচিব শ্রী বিক্রম মিশ্রি দুদিনীয়া ভ্ৰমণসূচীৰে অহা ১১ তাৰিখে নেপাললৈ যাব। বৈদেশিক সচিবগৰাকীৰ আগন্তুক এই ভ্রমণে দুয়োখন দেশৰ মাজৰ উচ্চ পৰ্যায়ৰ বিনিময়ৰ ব্যৱস্থা নিয়মীয়াকৈ অব্যাহত ৰাখিব। ইয়াৰ দ্বাৰা ভাৰতে নেপালক নেইৱাৰচ্ ফাষ্ট নীতিৰ অধীনত অগ্ৰাধিকাৰ প্ৰদান কৰাৰ কথা প্ৰতিফলিত কৰে। ভাৰত আৰু নেপালৰ মাজত অব্যাহত থকা উচ্চ পৰ্যায়ৰ বিনিময় আৰু বৃহৎ আন্তঃগাথনি আৰু সংযোগ প্রকল্পসমূহ তথা ভাৰত চৰকাৰৰ সহযোগত নতুনকৈ হাতত লোৱা প্ৰকল্পসমূহ ফলত দ...

July 20, 2024 8:22 PM

views 20

থিম্ফুত তৃতীয় ভাৰত-ভূটান উন্নয়ন সহযোগিতা আলোচনাত বিদেশ সচিব বিক্রম মিস্ৰী আৰু ভূটানৰ বিদেশ সচিব অওম পেমা ছ’ডেনৰ সহ-অধ্যক্ষতা

বিদেশ সচিব বিক্রম মিস্ৰী আৰু ভূটানৰ বিদেশ সচিব অওম পেমা ছ'ডেনে আজি থিস্ফুত তৃতীয় ভাৰত-ভূটান উন্নয়ন সহযোগিতা আলোচনাত সহ-অধ্যক্ষতা কৰে। বৈঠকৰ সময়ছোৱাত ভূটানৰ পক্ষই Project Tied Assistance - PTA প্রস্তাব দাঙি ধৰাৰ লগতে ত্ৰয়োদশ পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ত ৰূপায়ণ হ'বলগীয়া পি টি এ প্রকল্পসমূহৰ প্ৰথমটো শাখাৰ বিষয়ে প্ৰকাশ কৰে। বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা এখন বিজ্ঞপ্তি অনুসৰি দুয়োপক্ষই বিভিন্ন খণ্ডৰ ৪,৯৫৮ কোটি টকাৰ মুঠ ৬১টা প্ৰকল্পত অনুমোদন জনায়। এই প্রকল্পসমূহ আন্তঃগাঁঠনি, শক্তি, দক্ষতা বিকাশ...

July 20, 2024 6:06 PM

views 28

তৃতীয় ভাৰত-ভূটান উন্নয়ন সহযোগিতা আলোচনাত সভাপতিত্ব বৈদেশিক সচিব বিক্রম মিস্ৰীৰ

বৈদেশিক সচিব বিক্রম মিস্ৰী আৰু তেওঁৰ ভূটানৰ সমকক্ষ ওম পেমা ছ’ডেনে আজি ভূটানত অনুষ্ঠিত তৃতীয় ভাৰত-ভূটান উন্নয়ন সহযোগিতা আলোচনাত সভাপতিত্ব কৰে। বৈঠকত দুয়োগৰাকী বৈদেশিক সচিবে ত্ৰয়োদশ পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ছোৱাৰ বিভিন্ন উন্নয়নমূলক অংশদাৰিত্ব তথা সহযোগিতাৰ পৰ্যালোচনা কৰে। বৈদেশিক সচিব মিস্ৰীয়ে কালি দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত হৈছে। তেওঁ ভূটানৰ সৈতে ভাৰতৰ ঘনিষ্ঠ মৈত্ৰীপূৰ্ণ সম্পৰ্ক আৰু ভূটান চৰকাৰ তথা দেশখনৰ জনসাধাৰণৰ অগ্ৰাধিকাৰ অনুসৰি দ্বিপাক্ষীক সম্পর্ক অধিক সুদৃঢ় কৰাৰ প্ৰতি ভাৰতৰ দৃঢ় ...