May 23, 2025 4:01 PM May 23, 2025 4:01 PM

views 9

সন্ত্রাসবিৰোধী কঠোৰ স্থিতিৰ বিষয়ে বিশ্ববাসীক অৱগতৰ উদ্দেশ্যে বহুদলীয় সাংসদৰ অন্য এটা গোটৰ সৈতে বৈদেশিক সচিব বিক্রম মিশ্রিয়ে সন্ধিয়া বাৰ্তালাপ কৰিব

ভাৰতৰ সন্ত্রাসবিৰোধী কঠোৰ স্থিতিৰ বিষয়ে বিশ্ববাসীক অৱগত কৰোৱাৰ উদ্দেশ্যে ভিন ভিন দেশ অভিমুখে ৰাওনা হ'বলগীয়া বহুদলীয় সাংসদৰ আন এটা গোটৰ সৈতে বৈদেশিক সচিব বিক্রম মিশ্রিয়ে আজি সন্ধিয়া বাৰ্তালাপ কৰিব। উল্লেখযোগ্য যে বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডা, কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ আৰু এন চি পিৰ সুপ্রিয়া ছুলে নেতৃত্বাধীন বহুদলীয়া প্ৰতিনিধি দলকেইটা কাইলৈ আৰু বিজেপিৰ সাংসদ ৰৱিশংকৰ প্ৰসাদ নেতৃত্বাধীন আন এটা দল পৰহিলৈ তেওঁলোকৰ নিজ নিজ দলৰ নিৰ্ধাৰিত লক্ষ্যস্থান অভিমুখে ৰাওনা হ'ব। বৈজয়ন্ত পাণ্ডা নেতৃত্বাধীন ...

August 12, 2024 8:02 PM August 12, 2024 8:02 PM

views 5

নেপালৰ বিদেশ মন্ত্ৰী ডº আৰ্দ্ৰ ৰাণা দেওবাক সাক্ষাৎ বিদেশ সচিব বিক্রম মিশ্রীৰ

বিদেশ সচিব বিক্রম মিশ্রীয়ে আজি কাঠমাণ্ডুত নেপালৰ বিদেশ মন্ত্ৰী ডº আৰ্দ্ৰ ৰাণা দেওবাক সাক্ষাৎ কৰে। তেওঁলোকে দুয়োখন দেশৰ পাৰস্পৰিক স্বার্থজড়িত দ্বিপাক্ষিক বিষয়সমূহ আলোচনা কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত ভাৰত-নেপাল দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰাৰ উপায়সমূহৰ বিষয়েও চিন্তা-চৰ্চা কৰে। শ্ৰীমিশ্ৰীয়ে নেপালৰ বিদেশ সচিব ছেৱা লামছালকো সাক্ষাৎ কৰি ভাৰত-নেপাল সহযোগিতাৰ সুস্থিৰ বিকাশক আগুৱাই লৈ যোৱাৰ বিষয়ে আলোচনা কৰে। উল্লেখযোগ্য যে, ভাৰত আৰু নেপালে সভ্যতা আৰু সংস্কৃতিৰ দিশত বহু পুৰণি সংযোগ বহন কৰি আহিছে। দ...