January 13, 2025 10:26 AM
9
লহৰী উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই লহৰী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। কাইলৈ উদযাপন কৰিবলগীয়া মকৰসংক্রান্তি, পুংগল আৰু মাঘ বিহু উপলক্ষেও তেওঁ শুভেচ্ছা জনাইছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু ৱে কয়, যে এই উৎসৱবোৰ হৈছে দেশৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক। ই সকলোৰে জীৱনলৈ আনন্দৰ লহৰ কঢ়িয়াই আনে। প্রকৃতিৰ লগত মানুহৰ নীবিড় সম্পৰ্কৰ প্ৰতিফলন কৰি দেশৰ বিভিন্ন প্ৰান্তত এই উৎসৱসমূহ পৰম্পৰাগতভাৱে আৰু উলহ-মালহেৰে উদযাপন ...