March 13, 2025 9:26 PM

views 39

হোলী উপলক্ষে জনসাধাৰণলৈ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে হোলী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাযোগে ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে ৰঙৰ উৎসৱ হোলীয়ে আনন্দ আৰু উৎসাহ কঢ়িয়াই আনে। এই উৎসৱে আমাৰ জীৱনত ঐক্য আৰু ভাতৃত্ববোধৰ মনোভাৱ জগাই তোলে বুলি তেওঁ কয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হোলী উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয়, যে আনন্দ আৰু সুখেৰে ভৰা এই উৎসৱে সকলোৰে জীৱনত নতুন উদ্যম আৰু শক্তিৰ সঞ্চাৰ কৰিব। এই উৎসৱে দেশবাসীৰ মাজত ঐক্যৰ ৰং গভীৰ কৰি তুলিব বুলি তেওঁ ক...

February 5, 2025 7:43 PM

views 64

ভোটদান হৈছে গণতন্ত্ৰৰ ভেটি আৰু অক্সিজেন : উপ-ৰাষ্ট্ৰপতি

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি কয় যে ভোটদান হৈছে গণতন্ত্ৰৰ ভেটি আৰু অক্সিজেন। নতুন দিল্লীৰ নর্থ এভিনিউ ভোটদান কেন্দ্ৰত ভোটৰ অধিকাৰ সাব্যস্ত কৰি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীধনখড়ে কয় যে সকলো অধিকাৰৰ ভিতৰত ভোটদান হৈছে এটা অন্যতম মৌলিক অধিকাৰ আৰু কোনো অধিকাৰেই ইয়াৰ উৰ্ধত নহয়। তেওঁ কয় যে বিশ্বৰ ভিতৰত ভাৰত হৈছে সবাতোকৈ পুৰণি আৰু প্ৰাণৱন্ত গণতন্ত্ৰ য'ত ভোটদানৰ জৰিয়তে শাসনভাৰৰ পৰিৱৰ্তন হয়। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে নির্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগে গ্ৰহণ কৰা পদক্ষেপৰো ...

January 1, 2025 1:51 PM

views 32

ইংৰাজী নৱবৰ্ষ উপলক্ষে সমূহ দেশবাসীলৈ উপ-ৰাষ্ট্রপতি জগদীপ ধনখড়ৰ শুভেচ্ছা জ্ঞাপন

উপ-ৰাষ্ট্রপতি জগদীপ ধনখড়ে ইংৰাজী নৱবৰ্ষ উপলক্ষে সমূহ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে জনসাধাৰণক সংকল্প, গণতান্ত্রিক প্ৰমূল্যবোধ আৰু ৰাষ্ট্ৰ প্ৰথম নীতিৰে আগবাঢ়ি দেশৰ বিকাশত অৰিহণা আগবঢ়াবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। ২০৪৭ৰ বিকশিত ভাৰতৰ দিশে অগ্ৰসৰ হোৱাৰ সময়ত সংবিধান প্রণেতাসকলৰ আদৰ্শ অনুধাৱন কৰি আগবাঢ়ি যাবলৈ তেওঁ সকলোকে আহ্বান জনায়।

December 15, 2024 9:00 PM

views 77

মধ্য প্ৰদেশৰ গোৱালিয়ৰত উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ  ভূ-বিজ্ঞান সংগ্ৰহালয় উদ্বোধন

মধ্য প্ৰদেশৰ গোৱালিয়ৰত আজি উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে এটা ভূ-বিজ্ঞান সংগ্ৰহালয় উদ্বোধন কৰে। এই অত্যাধুনিক সংগ্রহালয়টো ভূ-বিজ্ঞান শিক্ষা আৰু জনসংযোগৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব। এনে ধৰণৰ সংগ্রহালয়ে ভাৰতীয় ভূতাত্বিক জৰীপৰ অনন্য পদক্ষেপক প্রতিনিধিত্ব কৰি ভূ-বিজ্ঞানৰ আপৰুগীয়া সমলসমূহ প্ৰদৰ্শনৰ লগতে জনসাধাৰণৰ মাজত বিজ্ঞান মানসিকতাৰ প্ৰসাৰ আৰু জ্ঞানৰ বিনিময়ক উৎসাহিত কৰিব । উপ ৰাষ্ট্ৰপতিগৰাকীয়ে মধ্য প্ৰদেশৰ জীৱাজী বিশ্ববিদ্যালয়ত মহাৰাজা শ্ৰীমন্ত জীৱাজী ৰাও সিন্ধিয়াৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে। ...

September 18, 2024 8:12 PM

views 33

গোলকীয় নৱীকৰণযোগ্য শক্তি সন্মিলনৰ সামৰণি অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ ভাষণ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ভৱিষ্যৎ প্ৰজন্মৰ বাবে ধৰিত্ৰীক ৰক্ষা কৰাৰ উদ্দেশ্যে সমূহীয়া প্ৰয়াসৰ হকে আহ্বান জনাইছে। গান্ধীনগৰৰ মহাত্মা মন্দিৰত অনুষ্ঠিত গোলকীয় নৱীকৰণযোগ্য শক্তি সন্মিলনৰ সামৰণি অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আজি এইদৰে আহ্বান জনায়। শ্ৰী ধনখড়ে কয় যে, ভৱিষ্যৎ প্ৰজন্মক এখন বাসপোযোগী পৃথিবী উপহাৰ দিয়াৰ বাবে পৰিৱেশৰ সংৰক্ষণৰ ক্ষেত্ৰত বৰঙণি আগবঢ়োৱাতো প্ৰতিগৰাকী ব্যক্তিৰ দায়িত্ব। তেওঁ কয় যে, ভাৰত ক্ৰমান্বয়ে বিকাশৰ পথেৰে অগ্ৰসৰ হৈছে আৰু দেশত তৃণমূল পৰ্যায়ত আমূল পৰিৱৰ্তন...

August 9, 2024 8:28 PM

views 33

উচ্চ সদনৰ সভাপতি জগদীপ ধনখড়ৰ বিষয়ে কৰা অসংসদীয় মন্তব্যক শাসকীয় পক্ষৰ নিন্দাসূচক প্ৰস্তাৱ

ৰাজ্যসভাত আজি শাসকীয় পক্ষই উচ্চ সদনৰ সভাপতি জগদীপ ধনখড়ব বিষয়ে কৰা অসংসদীয় মন্তব্যৰ বাবে সমাজবাদী পাৰ্টীৰ সদস্য জয়া বচ্চনৰ বিৰুদ্ধে এটা নিন্দাসূচক প্ৰস্তাৱ উত্থাপন কবে। সদনৰ নেতা তথা কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই এই প্ৰস্তাৱ উত্থাপন কৰে। তেওঁ কয় যে বিৰোধী পক্ষৰ মন্তব্য অসংসদীয় আৰু অতিকে আপত্তিজনক। শ্রীধনখড়ে জয়া বচ্চনৰ মন্তব্যক লৈ আপত্তি দৰ্শাই কৈছে যে কাকোৱে সভাপতিৰ গৰিমাৰ লাঘৱৰ অনুমতি প্ৰদান কৰা নহ'ব। তেওঁ বিশেষকৈ জয়া বচ্চনে সভাপতিৰ ভাষা, সুৰ আৰু স্বভাৱ সম্পৰ্কে কৰা মন্তব্...

July 3, 2024 8:07 PM

views 28

সংসদৰ অধিৱেশনৰ পাছত বিৰোধী পক্ষৰ আচৰণক লৈ ৰাজ্যসভাৰ সভাপতিৰ অসন্তুষ্টি প্ৰকাশ

ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে আজি সংসদৰ অধিৱেশনৰ সামৰণিৰ পাছত বিৰোধী পক্ষৰ আচৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। অধিৱেশনৰ অন্তত দিয়া বিবৃতিত শ্রীধনখড়ে বিৰোধী পক্ষৰ নেতাগৰাকী সদনৰ মজিয়ালৈ উঠি যোৱা কাৰ্য্যক সংসদীয় আচৰণ আৰু গৰিমাৰ অপমান বুলি অভিহিত কৰে। সংসদক আলাপ-আলোচনা আৰু বিতৰ্কৰ মন্দিৰ বুলি আখ্যা দি শ্রীধনখড়ে কয় যে, তেওঁ সাংসদসকলে নিজৰ আচৰণেৰে নিদৰ্শন দাঙি ধৰা উচিত। শ্রীধনখড়ে লগতে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাত প্ৰথমবাৰৰ বাবে ভাগ লোৱা ১৯ গৰাকী নৱ-নিৰ্বাচিত সাংসদসহ মু...

June 27, 2024 8:22 PM

views 25

বিহাৰ, ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশৰ নৱনিৰ্বাচিত ৬ গৰাকী সাংসদে আজি ৰাজ্য সভাৰ সদস্য হিচাপে শপত গ্ৰহণ

বিহাৰ, ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশৰ নৱনিৰ্বাচিত ৬ গৰাকী সাংসদে আজি ৰাজ্য সভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে নতুন সাংসদসকলক শপত বাক্য পাঠ কৰোৱায়। উচ্চ সদনৰ সদস্য হিচাপে কংগ্ৰেছৰ সাংসদ অখিলেশ প্রসাদ সিং, JMMৰ ডাঃ সৰফৰাজ আহমদ আৰু বিজেপিৰ প্ৰদীপ কুমাৰ বার্মা, বংশীলাল গুৰ্জাৰ, মায়া নৰোলিয়া আৰু বল্যোগী (BALYOGI) উমেষনাথে শপত গ্ৰহণ কৰে।

June 16, 2024 7:38 PM

views 28

সংসদ ভৱন চৌহদত নতুনকৈ নিৰ্মাণ কৰা প্ৰেৰণা স্থল উদ্বোধন উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ৰ

উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি জগদ্বীপ ধনখড়ে আজি সংসদভৱন চৌহদত নতুনকৈ নিৰ্মাণ কৰা প্ৰেৰণা স্থল উদ্বোধন কৰে। উদ্বোধনী কাৰ্যসূচীত ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ নাৰায়ণ সিং, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ লগতে ৰাজ্যসভা আৰু লোকসভাৰ সদস্যসকল উপস্থিত থাকে। বিভিন্ন দেশৰ প্রতিনিধি তথা অন্যান্য দর্শনার্থীসকলে যাতে সংসদভৱন চৌহদৰ একেটা স্থানতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ মহান নেতা আৰু স্বাধীনতা যুঁজাৰুসকলৰ প্ৰতিমূৰ্তি দৰ্শন কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে তাৰ বাবে এই প্ৰেৰণা স্থল নিৰ্মাণ কৰ...

June 3, 2024 5:54 PM

views 38

মধ্যপ্ৰদেশৰ ৰাজগড়ত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকললৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ গভীৰ সমবেদনা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি শ্রীজগদীপ ধনখড়ে মধ্যপ্ৰদেশৰ ৰাজগড় জিলাত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, পথ দুৰ্ঘটনাৰ বাতৰিটো অতি দুখজনক আৰু আঘাতপ্ৰাপ্ত সকল শীঘ্ৰেই আৰোগ্য হোৱাটো কামনা কৰিছো । উপ-ৰাষ্ট্ৰপতি শ্রীধনখড়ে কয় যে, পথ দুৰ্ঘটনাটোত প্রাণহানি হোৱা সকলৰ বাবে তেওঁ অতিশয় দুখিত। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে শোক-সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আঘাতপ্রাপ্তসকলৰ আশু আৰোগ্য ...