February 26, 2025 8:31 PM

views 16

সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত উৎসৱসমূহে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ প্ৰকাশ

সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত উৎসৱসমূহে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে প্ৰকাশ কৰিছে। অৰুণাচল প্ৰদেশৰ কামলে জিলাৰ বোৱাচিমলাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত যৌথ ন্যোকুম ইউলো উৎসৱ উদযাপনত অংশগ্ৰহণ কৰি আজি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য কৰে। ভাৰতক বিশ্বৰ দ্ৰুত বিকশিত অর্থনীতি বুলি উল্লেখ কৰি তেওঁ বিশ্বৰ অন্য ৰাষ্ট্ৰৰ তুলনাত দেশৰ অৰ্থনৈতিক বৃদ্ধি, আন্তঃগাঁথনি উন্নয়ন, আৰু সমাজ কল্যাণমূলক আঁচনিৰ ৰূপায়ণত উল্লেখনীয় অগ্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ অৰুণাচল প্ৰদেশৰ জলব...