December 21, 2025 10:56 AM

views 28

অসামৰিক সেৱাৰ গুণগত মানে ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত নির্ণায়ক ভূমিকা পালন কৰিব বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ প্ৰকাশ

অসামৰিক সেৱাৰ গুণগত মানে ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্য পূৰণ আৰু প্ৰশাসকসকলৰ গুণৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ সমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত নির্ণায়ক ভূমিকা পালন কৰিব বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰকাশ কৰিছে। হায়দৰাবাদত কালি বিয়লি ৰাজ্যিক লোক সেৱা আয়োগৰ অধ্যক্ষসকলৰ দুদিনীয়া অভিৱৰ্তনৰ সামৰণি অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে মন্তব্য কৰে। শ্ৰী ৰাধাকৃষ্ণনে কয়, যে দেশ ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্যৰ দিশে ধাৱম...

November 23, 2025 7:59 PM

views 21

নাচিনত অসামৰিক সেৱা বিষয়া প্রশিক্ষার্থীসকলক ব্যক্তিগত সাফল্যতকৈ দলগত সফলতাক অধিক গুৰুত্ব দিবলৈও উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ আহ্বান

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি অন্ধ্রপ্রদেশৰ পালাসমুদ্ৰমৰ নেচনেল একাডেমী অৱ কাষ্টমছ, ইনডাইৰেক্ট টেক্সেছ এণ্ড নার্কটিক্স-চমুকৈ নাচিনত অসামৰিক সেৱা বিষয়া প্রশিক্ষার্থীসকলক উদ্দেশ্যি ভাষণ দিয়ে। তেওঁ সীমাশুল্ক আৰু জি এছ টি, দক্ষতা বিকাশৰ এটা মূল কেন্দ্র হিচাপে শিক্ষানুষ্ঠানখনৰ দ্রুত বিকাশৰ প্ৰশংসা কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে ২০২৪ চনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নাচিনৰ নতুন চৌহদ উদ্বোধন কৰাৰ বিষয়েও অনুষ্ঠানত স্মৰণ কৰে। ভৱিষ্যতৰ উৎকৃষ্ট বিষয়া হিচাপে দক্ষতাৰ বিকাশৰ ক্ষেত্ৰত এই প্রতিষ্ঠানে গুৰুত্বপূৰ্ণ...

November 16, 2025 8:50 PM

views 28

যুৱক-যুবতীসকলৰ মাজত ধনাত্মক চিন্তা গঢ়ি তুলিবলৈ দেশৰ ইতিবাচক বিষয়বোৰক প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ আলোকপাত

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে যুৱক-যুবতীসকলৰ মাজত ধনাত্মক চিন্তা গঢ়ি তুলিবলৈ দেশৰ ইতিবাচক বিষয়বোৰক প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আলোকপাত কৰে। নতুন দিল্লীত ২০২৪ বৰ্ষৰ মনোৰমা নিউজমেকাৰ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয় যে সাংবাদিকতাই কণ্ঠহীনসকলক কণ্ঠ দান কৰাৰ দৰে গুৰুত্বপূর্ণ কার্য সম্পাদন কৰে। তেওঁ লগতে সজাগতা বৃদ্ধিৰ জৰিয়তে নিচামুক্ত সমাজ গঢ়ি তোলাত সংবাদ মাধ্যমে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে বুলিও প্রকাশ কৰে। এই উপলক্ষে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কেন্দ্...

November 9, 2025 6:45 PM

views 47

ভাৰতৰ আধ্যাত্মিক যাত্রা আৰু ঐতিহ্যলৈ জৈন দর্শনে আগবঢ়োৱা অৱদানক উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ স্মৰণ

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে ভাৰতৰ আধ্যাত্মিক যাত্রা আৰু ঐতিহ্যলৈ জৈন দর্শনে আগবঢ়োৱা অৱদানক স্মৰণ কৰিছে। উপৰাষ্ট্ৰপতিগৰাকীয়ে আজি কর্ণাটকৰ হাচান জিলাৰ শ্রাবনবেলাগোলাত জৈন ধর্মগুৰু আচাৰ্য্য শান্তি সাগৰ মহাৰাজৰ স্মাৰক অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত তেওঁ সংগম আৰু সংগম পৰৱৰ্তী সময়ৰ তামিল সাহিত্যলৈ জৈন মুনি আৰু পণ্ডিতসকলে আগবঢ়াই যোৱা অমূল্য অৱদানক সোৱৰণ কৰে। জৈন দৰ্শনৰ অহিংস নীতি, আত্মসংযম আৰু ত্যাগৰ আদৰ্শই ভাৰতীয় সমাজৰ আধ্যাত্মিক পৰিকাথামো নির্মাণ কৰা বুলি শ্ৰীৰাধাকৃষ্ণণে প্রকাশ কৰে। জৈন আচার...

October 27, 2025 12:18 PM

views 43

ছেচেইলছৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড০ পেট্রিক হামিনীৰ শপতগ্রহণ অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ অংশগ্ৰহণ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কালি ছেচেইলছৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড০ পেট্রিক হামিনীৰ শপতগ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। দুদিনীয়া ভ্রমণসূচীৰে ছেচেইলছলৈ যোৱা উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে দেশখনত মৰিচাচৰ প্ৰধানমন্ত্ৰী ড০ নবীনচন্দ্ৰ ৰামগোলামক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত দুয়োগৰাকী নেতাই ভাৰত আৰু মৰিচাচৰ মাজৰ ইতিহাস আৰু সংস্কৃতিৰ ক্ষেত্ৰত থকা শক্তিশালী আৰু দীৰ্ঘদিনীয়া সম্পৰ্কত আলোকপাত কৰে। তেওঁলোকে লগতে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰাৰ দিশ সন্দৰ্ভতো আলোচনা কৰে । উপ-ৰাষ্ট্ৰপতিগৰাকীয...