November 22, 2025 8:48 PM

views 26

ভিয়েটনামত বান আৰু ভূমিস্খলনত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৫৫ লৈ বৃদ্ধি

ভিয়েটনামত নেৰা-নেপেৰা বৰষুণ, বান আৰু ভূমিস্খলনত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৫৫ লৈ বৃদ্ধি পাইছে। দেশখনৰ দুৰ্যোগ আৰু বান ব্যৱস্থাপনা প্রাধীকৰণে প্ৰকাশ কৰা মতে ১৩ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। বাঢ়নি পানীয়ে প্রায় ৮০ হাজাৰ হেক্টৰ ভূমিৰ খেতি নষ্ট কৰিছে আৰু ৩২ লাখ হাঁহ, কুকুৰা আৰু পশুধন উটুৱাই নিছে। বাঢ়নি পানীয়ে ২৮ হাজাৰ ৪০০ বাসগৃহ বুৰাই পেলাইছে আৰু ৯৪৬ টা বাসগৃহৰ ক্ষতিসাধন কৰিছে। প্ৰাধীকৰণৰ তথ্য অনুসৰি বানৰ ফলত প্রায় ৩৫ কোটি ৮০ লাখ মার্কিন ডলাৰ পৰিমাণৰ সা-সম্পত্তি নষ্ট হৈছে। বান প্ৰভাৱিত অধিকাংশ অঞ্চলত...