September 11, 2024 5:57 PM

views 33

ভিয়েটনামৰ সাগৰীয় ধুমুহা য়াগিত ১৪১ জন লোকৰ প্ৰাণহানি

ভিয়েটনামত সংঘটিত প্রচণ্ড সাগৰীয় ধুমুহা য়াগি আৰু ইয়াৰ ফলস্বৰূপে হোৱা বানপানী আৰু ভূমিস্খলনৰ ফলত কমেও ১৪১ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন ৫৯ জন লোক সন্ধানহীন হৈ আছে। দেশখনৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি ৰাজধানী মহানগৰী হানয়ৰ মাজেৰে বৈ যোৱা ৰেড ৰিভাৰৰ জলপৃষ্ঠই তিনিটা পৰ্যায়ৰ বিপদসীমাৰ দ্বিতীয়টো পর্যায় ইতিমধ্যে অতিক্রম কৰাৰ লগতে আজি আবেলিৰ ভিতৰত বিপদসীমাৰ তৃতীয় পৰ্যায়টোও অতিক্ৰম কৰাৰ আশংকা আছে। একেদৰে থাও নৈকে ধৰি আনকেইবাখনো নৈৰ পানী অত্যধিক পৰিমাণে বৃদ্ধি পোৱাৰ উপৰি ভালেমা...