October 18, 2024 11:55 AM October 18, 2024 11:55 AM

views 4

যশস্বী অভিনেতা দেৱৰাজ ৰয়ৰ মৃত্যু

যশস্বী অভিনেতা দেৱৰাজ ৰয়ৰ কালি ৬৯ বছৰ বয়সত কলকাতাত মৃত্যু হয়। বঙালী চিনেমাৰ লগতে তেওঁ আকাশবাণী আৰু দূৰদৰ্শনলৈও উল্লেখযোগ্য বৰঙণি আগবঢ়াই গৈছে। সত্যজিৎ‍ ৰায়ৰ প্ৰতিধবনি আৰু মৃণাল সেনৰ কলকাতাত কৰা তেওঁৰ অনৱদ্য অভিনয়ে দৰ্শকক আকৰ্ষণ কৰিছিল। তৰুণ মজুমদাৰ, বিভূতি লাহা তথা তপন সিনহাৰ দৰে অগ্ৰণী পৰিচালকৰ সৈতে তেওঁ কাম কৰিছিল। অভিনেতা ৰয়ে চিনেমাত অভিনয়ৰ কৰাৰ উপৰি কলকাতা দূৰদৰ্শনৰ এগৰাকী জনপ্ৰিয় বাতৰি পৰিৱেশক আছিল। আকাশবাণী কলকাতা কেন্দ্ৰৰ বাবে তেওঁ বহু নাটকত অভিনয় কৰিছিল। বৃক্কজনিত সমস্যাত আক্ৰান...