October 22, 2025 7:31 PM

views 17

হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা এজন লোকক মৃত্যুদণ্ডৰে দণ্ডিত

বৰপেটা জিলা চেচন ন্যায়াধীশৰ আদালতে আজি হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা ঋষভ দাস নামৰ এজন লোকক মৃত্যুদণ্ডৰে দণ্ডিত কৰে। বৰপেটা চহৰৰ গান্ধী নগৰৰ নিৱাসী ঋষভ দাসৰ বিৰুদ্ধে ২০২৩ বৰ্ষৰ ১৩ অক্টোবৰত পত্নী আৰু কন্যাক হত্যাৰ গোচৰ ৰুজু কৰা হৈছিল। আৰক্ষীয়ে ২০২৪ বৰ্ষৰ আৰম্ভণিতে এই গোচৰৰ অভিযোগনামা দাখিল কৰে। বাদি-বিবাদি পক্ষৰ সাক্ষ্য গ্ৰহণৰ পাছত আদালতে যোৱা ১৬ অক্টোবৰত ঋষভ দাসক দোষী সাব্যস্ত কৰে যদিও শাস্তি ঘোষণা সংৰক্ষিত কৰি ৰাখিছিল। আজি চেচন ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ বিচাৰপীঠে দোষীক মৃত্যুদণ্ডৰে দণ্ডিত ক...

August 12, 2025 8:21 PM

views 16

৫জন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বঙাইগাঁৱৰ বিশেষ ন্যায়াধীশৰ আদালতৰ

বঙাইগাঁৱৰ বিশেষ ন্যায়াধীশৰ আদালতে আজি ৫ জন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বিহে। বিশেষ ন্যায়াধীশ মৌচুমী দে'ৰ আদালতে ২০১২ চনত ৩ জন লোকক আক্ৰমন কৰা ঘটনাৰ সৈতে জড়িত এই ৫ জন অভিযুক্তক ১৫ হাজাৰ টকাকৈ জৰিমণা বিহাৰ লগতে আজীৱন কৰাৰাদণ্ডৰ ৰায় দিয়ে। উল্লেখযোগ্য যে ২০১২ চনৰ ২২ জুলাইত চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত হাচৰাওবাৰীত ৩ জন লোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি এই লোককেইজনে গুৰুতৰভাৱে আহত কৰিছিল। ইয়াৰে এজন লোকৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল। ঘটনাৰ সন্দৰ্ভত ৭ জন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ...

July 22, 2025 8:32 PM

views 16

ধেমাজি ধৰ্ষণৰ গোচৰত এজন অভিযুক্তক পক্‌ছ’ আইনৰ অধীনত ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড

ধেমাজি জিলাৰ বিশেষ পক্‌ছ' আদালতে আজি এগৰাকী নাবালিকা ধৰ্ষণৰ গোচৰত এজন অভিযুক্তক পক্‌ছ’ আইনৰ অধীনত ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় দিয়ে। ২০২১ চনত গোগামুখ থানাৰ অন্তৰ্গত সোণাপুৰত এগৰাকী নাবালিকাক ধৰ্ষণৰ অভিযোগত মাণিক আলী নামৰ এই অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁৰ বিৰুদ্ধে পক্‌ছ’ আইনৰ সংশ্লিষ্ট ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হয়। চাৰিবছৰজোৰা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত বিশেষ অতিৰিক্ত ছেচন ন্যায়াধীশ কল্যাণজিৎ শ‍ইকীয়াৰ আদালতে তেওঁক দোষী সাব্যস্ত কৰে আৰু আজি ভাৰতীয় দণ্ডবিধিৰ নিৰ্দিষ্ট ধাৰা অনুসৰি এই শাস্...

July 9, 2025 7:50 PM

views 14

শিশুক যৌন নিৰ্যাতনৰ গোচৰত দুজন অভিযুক্ত যাৱজ্জ্বীৱন কাৰাদণ্ড

কামৰূপ মহানগৰ জিলাৰ পকছ' আদালতে শিশুক যৌন নিৰ্যাতনৰ গোচৰত জয়ন্ত তালুকদাৰ নামৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ড আৰু ১ লাখ টকা জৰিমনা বিহিছে। পল্টন বজাৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আদালতে লোকজনক এই শাস্তি বিহে। জালুকবাৰী থানাৰ আন এটা গোচৰত আজি আদালতে জানু বৰুৱা এজন লোকক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫০ হাজাৰ টকা জৰিমনা বিহিছে। ওদালগুৰি জিলা বিশেষ ন্যায়াধীশৰ আদালতে শিশু যৌন নিৰ্যাতনৰ অপৰাধত দোষী সাব্যস্ত লক্ষীৰাম হেমব্রম নামৰ এজন অপৰাধীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২০ হাজাৰ টকাৰ জৰিমনা বিহে। হৰিশিঙা থানা...