October 11, 2024 11:19 AM
20
ভেলেন্সিয়া অ’পেন টেনিছ প্রতিযোগিতাত জীৱন-বিজয়ৰ যুটীটো পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰবেশ
ভাৰতৰ জীৱন নেডুচাঝিয়ান আৰু বিজয় সুন্দৰ প্ৰশান্তই ভেলেন্সিয়া অ'পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰবেশ কৰিছে। জীৱন আৰু বিজয়ৰ যুটীটোৱে কালি স্পেইনৰ ভেলেন্সিয়াত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত ৰোমানিয়াৰ মিৰ্ছিয়া আলেকজেন্দ্ৰ জেকন আৰু বেলাৰুচৰ ইভান লীঅ'টাৰেভিচৰ ফুটীটোক ৬-০, ৬-২ পোনপটীয়া ছেটত পৰাস্ত কৰে। চতুর্থ বাছনিপ্ৰাপ্ত ভাৰতীয় যুটীটোৱে আজি বিয়লি ছেমি ফাইনেলত পোলেণ্ডৰ পিঅ'টো আৰু কৰোল ড্ৰেজেৰিক্কিৰ সন্মুখীন হ'ব।