September 17, 2025 7:42 PM
20
আই চি চি টি-২০ আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙৰ শীৰ্ষত ভাৰতীয় স্পীনাৰ বৰুণ চক্ৰৱৰ্ত্তী
স্পীনাৰ বৰুণ চক্ৰৱৰ্ত্তী আই চি চি টি-২০ আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙত বিশ্বৰ ১ নম্বৰ বলাৰ হিচাপে পৰিগণিত হৈছে। চক্ৰৱৰ্তীয়ে নিউজিলেণ্ডৰ বেগী বলাৰ জেকব ডাফিক চেৰ পেলাই টি-২০ বলাৰৰ ৰেংকিঙত শীর্ষস্থান দখল কৰিছে। ৩৪ বছৰীয়া চক্ৰৱৰ্তী যশপ্রীত বুমৰা আৰু ৰবি বিষ্ণুইৰ পাছত এই কৃতিত্ব অৰ্জন কৰা তৃতীয়গৰাকী ভাৰতীয় বলাৰ হিচাপে পৰগণিত হৈছে। ভাৰতৰ অক্ষৰ পেটেল আৰু কুলদীপ যাদৱো ৰেংকিঙত ওপৰলৈ উঠিছে। পেটেল সম্প্ৰতি ১২ নম্বৰ আৰু কুলদীপ যাদৱ ১৬ নম্বৰ স্থানত আছে।