January 17, 2026 12:58 PM

views 27

দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’লগাড়ী যাত্ৰাৰ শুভাৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালদহ ৰে'ল ষ্টেচনৰ পৰা কামাখ্যা আৰু হাওৰাৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’লগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰিব। আধুনিক ভাৰতৰ বৰ্ধিত পৰিবহণ চাহিদা অনুযায়ী সম্পূৰ্ণৰূপে শীত-তাপ নিয়ন্ত্রিত এই ৰে'লগাড়ীখনে বহনসাধ্য দৰত যাত্ৰীসকলক বিমান যাত্ৰাৰ দৰে সুবিধা আৰু অভিজ্ঞতা প্ৰদান কৰিব। এই ৰেলগাড়ীখনে দূৰণিবটীয়া যাত্ৰা অধিক ক্ষিপ্ৰ, নিৰাপদ আৰু সুবিধাজনক কৰি তুলিব বুলি আশা কৰা হৈছে। মালদহ ৰে'ল ষ্টেচনত এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্রী নীত...

January 1, 2026 8:05 PM

views 16

ভাৰতীয় ৰে’লৰ নৱতম সংযোজন বন্দে ভাৰত শ্ৰীপাৰ ৰে’ল সেৱা অসমতো প্ৰৱৰ্তনৰ সিদ্ধান্ত

ভাৰতীয় ৰে'লৰ নৱতম সংযোজন বন্দে ভাৰত শ্ৰীপাৰ ৰে'ল সেৱা অসমতো প্ৰৱৰ্তনৰ সিদ্ধান্ত লোৱা হৈছে। গুৱাহাটী আৰু কলকাতাৰ মাজত এই নতুন বন্দে ভাৰত শ্ৰীপাৰ সেৱা প্ৰৱৰ্তন কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি তেওঁৰ ফেচবুক পেজ যোগে এই কথা সদৰি কৰে। উল্লেখযোগ্য যে ২০২৩ চনত প্ৰৱৰ্তন কৰা বন্দে ভাৰত ৰে'ল সেৱা এতিয়ালৈকে দিনৰ ভাগতহে চলাচল কৰিছিল। ৰে'ল মন্ত্ৰালয়ে ইতিমধ্যে নিশাৰ ভাগত চলাচল কৰিব পৰা বন্দে ভাৰত শ্ৰীপাৰ সেৱাৰ স্পীড ট্রায়েল সম্পন্ন কৰিছে আৰু এই ট্ৰায়েলত ৰে'লগাড়ীখনে ঘণ্টাৰ সৰ্বোচ্চ ১৮০ কি...