September 21, 2025 8:05 PM

views 67

নৱৰাত্ৰি উপলক্ষে জম্মু-কাশ্মীৰৰ শ্ৰীমাতা বৈষ্ণোদেৱী মন্দিৰ ৰং-বিৰঙী আলোকসজ্জা আৰু ফুলেৰে সজাই পৰাই তোলা হৈছে

কাইলৈৰ পৰা উদযাপন হ'বলগীয়া নৱৰাত্ৰি উপলক্ষে জম্মু-কাশ্মীৰৰ কাষ্ট্ৰা নগৰী আৰু ত্ৰিকূট পাহাৰত থকা শ্ৰীমাতা বৈষ্ণোদেৱী মন্দিৰ, লাখ লাখ ভক্তক আদৰাৰ বাবে সম্পূৰ্ণ ৰূপে সাজু হৈ উঠিছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি ভক্ত সকলৰ সুবিধাৰ্থে তথা তীর্থযাত্ৰীসকলৰ আধ্যাত্মিক যাত্ৰাৰ অভিজ্ঞতা সূচল আৰু মধুৰ কৰি তোলাটো নিশ্চিত কৰাৰ উদ্দেশ্যে মন্দিৰ পৰিষদে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ৯ দিন ধৰি উদযাপন কৰিবলগীয়া এই পবিত্ৰ পৰ্বৰ বাবে ভৈৰৱ মন্দিৰ, অৰ্ধকুঁৱৰী আৰু বৈষ্ণোদেৱী মন্দিৰলৈ উঠি যোৱা সমগ্ৰ পথ...

September 14, 2025 12:21 PM

views 24

প্ৰতিকূল বতৰৰ বাবে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত শ্ৰীমাতা বৈষ্ণোদেৱী যাত্ৰা বন্ধ থাকিব

জম্মু-কাশ্মীৰত তীর্থযাত্ৰীৰ বাবে বিগত কেইবাদিনো ধৰি বন্ধ হৈ থকা শ্ৰীমাতা বৈষ্ণোদেৱী যাত্ৰা আজি পুনৰ মুকলি কৰাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত এই যাত্রা বন্ধ থাকিব। উল্লেখযোগ্য যে, জম্মু-কাশ্মীৰৰ ৰেইচি জিলাত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত শ্ৰীমাতা বৈষ্ণোদেৱী সমিতিয়ে কালি সামাজিক মাধ্যম যোগে এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে, ভূমিস্খলন আৰু প্ৰবল বৰষুণৰ বাবে তীর্থযাত্ৰীৰ সুৰক্ষাৰ কথা বিবেচনা কৰি যোৱা ২৬ আগষ্টৰ পৰা শ্ৰীমাতা বৈষ্ণোদেৱীলৈ যাত্ৰা স্থগিত ৰখা হৈছিল। পৰৱৰ্ত...

May 15, 2025 12:00 PM

views 26

জম্মুৰ শ্ৰীমাতা বৈষ্ণোদেৱী দেৱোত্তৰ পৰিষদৰ যাত্ৰীসকলৰ সুবিধার্থে বিশেষ পদক্ষেপ

জম্মুৰ শ্ৰীমাতা বৈষ্ণোদেৱী দেৱোত্তৰ পৰিষদে যাত্ৰীসকলৰ সুবিধার্থে বিনামূলীয়াকৈ আৰতি দৰ্শন তথা থকাৰ সুবিধাকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়া সংঘৰ্ষ বিৰতিৰ পাছত যাত্ৰীসকল মন্দিৰ দৰ্শনৰ বাবে যাত্ৰা আৰম্ভ কৰিছে। জম্মু বিমান বন্দৰেও অসামৰিক বিমান সেৱা আৰু হেলিকপ্তাৰ সেৱা পুনৰ আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। দেৱোত্তৰ পৰিষদে ভক্তসকলৰ সুবিধার্থে অনলাইন বুকিং আৰু কাউণ্টাৰৰ জৰিয়তে হেলিকপ্তাৰ সেৱাৰ দিহা কৰিছে।