April 29, 2025 11:05 AM

views 12

আই পি এল ক্ৰিকেটত শতক অৰ্জন কৰা সর্বকনিষ্ঠ খেলুৱৈ বৈভৱ সূৰ্যবংশী

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছ মাজৰ খেলখনত  ৰাজস্থানৰ বৈভৱ সূৰ্যবংশীয়ে কেইবাটাও অভিলেখ সৃষ্টি কৰিবলৈ সমৰ্থ হয়। ৩৮টা বলত ১০১ ৰান কৰা বৈভৱ আই পি এলৰ ইতিহাসত শতক অৰ্জন কৰা সর্বকনিষ্ঠ খেলুৱৈত পৰিণত হয়। তদুপৰি বৈভৱ প্ৰতিযোগিতাখনৰ ইতিহাসৰ দ্ৰুততম শতক অৰ্জনকাৰী ভাৰতীয় খেলুৱৈতো পৰিণত হয়। ইয়াৰ পূর্বে এই অভিলেখ ইউছুফ পাঠানৰ নামত আছিল। ইউছুফ পাঠানে ৩৭টা বলত শতক অৰ্জন কৰিছিল। আনহাতে বৈভৱৰ কালিৰ ইনিংছটো আছিল আই পি এলৰ...