March 10, 2025 12:13 PM

views 16

অহা বছৰত অসমত ৰে’লপথৰ বৈদ্যুতিকীকৰণৰ কাম ১০০ শতাংশ সম্পূৰ্ণ হ’ব বুলি ভি সোমান্নাৰ প্ৰকাশ

অহা বছৰৰ শেষৰফালে অসমত ৰে'লপথৰ বৈদ্যুতিকীকৰণৰ কাম ১০০ শতাংশ সম্পূৰ্ণ হ'ব বুলি কেন্দ্ৰীয় ৰে'ল দপ্তৰৰ ৰাজ্য মন্ত্ৰী ভি সোমান্নাই প্ৰকাশ কৰিছে। অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত ৰে'লৰ আন্তঃগাঁথনি প্রকল্পসমূহ পর্যালোচনাৰ বাবে তিনি দিনীয়া ভ্রমণসূচীৰে অঞ্চলটোলৈ অহা মন্ত্ৰীগৰাকীয়ে কালি গুৱাহাটী ৰে'ল ষ্টেচনত উপস্থিত হৈ এই বিষয়ে প্ৰকাশ কৰে। তেওঁ উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহা প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ সৈতে ষ্টেচনটোত ১৮১ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে নির্মিয়মান প্ৰকল্পৰ কামকাজ পৰিদৰ্শন ক...